এইবোৰ টিপছ ল’লে ৰ’দত ওলালেও হিমশীতল থাকিব ছাল

0
5

গৰমৰ দিনকেইটাত প্ৰখৰ ৰ’দত মানুহে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈকে ভয় কৰে৷ এৰাব নোৱৰা কামত কেতিয়াবা ওলালেও হাত, মুখ সূৰ্যৰ তাপত ক’লা পৰাৰ লগতে চকু বা ছালত জ্বলন হয়৷ আনকি কেতিয়াব ছালখনত ৰঙা পৰি জ্বলা-পোৰাৰ সৃষ্টি হয়৷ ছালত প্ৰখৰ ৰ’দ লগাৰ ফলত ৰাছ, ব্ৰন, ফোহা আদিৰ দৰে সমস্যাও হয়৷ আনহাতে যিসকলৰ অত্যধিক ঘাম ওলায়, তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যা বেছি হয়৷ ঠাণ্ডা ঠাইত বহাৰ পাছতো স্বস্তি নাপায়৷ ছালৰ তেল তেল ভাব, জ্বালা ভাব থাকিয়েই যায়৷ এনে অৱস্থাত কৰণীয় কি সেই সম্পৰ্কে জানো আহক৷ প্ৰচণ্ড গৰমত ছালখন যদি ঠাণ্ডা ৰাখিবলগীয়া হয়, তেন্তে কিছুমান নিয়ম মানি চলা উচিত৷ বহুতেই ভাবে মুখত বৰফ ঘঁহিলে জ্বলন কমে৷ অকল এইটোৱেই নহয়৷ কিয়নো বৰফ লগত ৰখাটো সম্ভৱো নহয়৷ সেয়ে ছালখনে শীতল অনুভূতি পাবলৈ কি কৰিব জানো আহক৷
গৰমৰ দিনত বাহিৰৰ পৰা আহিয়েই হাত-ভৰি যিদৰে পানীৰে ধুই লয়, তেনেদৰে মুখখনো ঠাণ্ডা পানীৰ ভালদৰে ধুই দিব লাগে৷ তিয়ঁহ বা পদিনাৰ নিৰ্যাসযুক্ত ফেচৱাছেৰে মুখখন ধুলেও আৰাম পোৱা যায়৷ ঘৰত থকাৰ সময় নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে মুখখন ধুব৷ অৱশ্যে ফেচৱাছ ব্যৱহাৰ কৰাৰ আৱশ্যক নাই৷
এটা তিয়ঁহ, এচামুচ এলোভেৰাত আধা কাপ পানী মিহলাই লওক৷ এই সকলোখিনি ভালদৰে মিহলাই এটা স্প্ৰে বটলত লৈ ফ্ৰিজত সংৰক্ষণ কৰি ৰাখক৷ আপোনাৰ আৱশ্যক অনুসৰি স্প্ৰে বটলৰ পৰা মিশ্ৰণটো মুখত লগাওক৷ চালৰ প্ৰদাহ কমাৰ লগতে ঘামৰ ফলত হোৱা সংক্ৰমণৰ পৰা মুক্ত পাব৷ আনহাতে ৰ’দৰ পৰা আহিয়েই মুখত স্প্ৰে কৰিলে আৰাম অনুভৱ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here