Beauty PlusDaily newsEducationFitness PlusHealth Naturallyএইবোৰ উপকাৰ জানিলে আপুনিও সাঁতুৰিবলৈ আৰম্ভ কৰিবBy Health Plus - October 15, 202502Facebook Twitter Pinterest WhatsApp সহজ ব্যায়াম হিচাপে খোজকঢ়াটো বেছ জনপ্ৰিয়৷ আনহাতে গধুৰ. গুৰু ব্যায়াম কৰিবলৈ হ’লে জগিং, দৌৰা, ৱেইট লিফটিং আদি উল্লেখযোগ্য৷ আনহাতে কেৱল ব্যায়াম হিচাপেই নিয়মিতভাৱে সাঁতোৰা কাৰ্য কৰা লোকৰ সংখ্যা গণিব পৰা৷ অথচ সাঁতোৰ এনে এক ব্যায়াম, যি হূদপিণ্ড, হাঁওফাঁও তথা দেহৰ পেশীকে ধৰি সকলো অংগৰ বাবে বিশেষ প্ৰয়োজন আৰু উপকাৰ সাধন কৰে৷ সাঁতুৰিলে কেলৰিকে ধৰি শৰীৰৰ ওজন কমোৱাত বিশেষ কাৰ্যকৰী৷ মানুহৰ বাবে সাঁতোৰ এটা উৎকৃষ্ট তথা উপকাৰী অভ্যাস৷সাঁতোৰাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন উন্নত হয়৷ হূদপিণ্ডৰ কাৰ্যকাৰিতা বৃদ্ধি পায় বাবে হাৰ্ট এটেকৰ সম্ভাৱনা কমি থাকে৷ সাঁতুৰিলে সমস্ত শৰীৰ এটা নিৰ্দিষ্ট ছন্দত চলে৷ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সাঁতোৰে সহায় কৰে৷সাঁতুৰিলে দেহৰ বহু পেশীৰ সঞ্চালনৰ বাবে প্ৰয়োজন হয়৷ হাত, বাহু, কান্ধ, পিঠি, পেট এই সমস্ত ঠাইৰ পেশী জড়িত হয় বাবে পেশীৰ গঠন কথা কাৰ্যক্ষমতা বৃদ্ধি পায়৷ পেশী দৃঢ় আৰু সুগঠিত হয়৷ যাৰ বাবে গাঁঠিৰ বিষ নিৰাময় হয়, গাঁঠিৰ জড়তা কমে, গাঁঠি নমনীয় হয়, দেহভংগী ঠিকে ৰখাৰ লগতে তাৰুণ্য ধৰি ৰখাত সহায় কৰে৷সাতুৰিলে কেলৰি কমাত সহায়ক হয়৷ সত্তৰ কেজিৰ এজন ব্যক্তিয়ে এঘণ্টা সাঁতোৰাত ফলত ২৮১ কেলৰি কমে৷ বাটাৰ ফ্ৰাই ষ্টাইলত এঘণ্টা সাঁতুৰিলে ৭১৪ কেলৰি কমে৷একাধিক গৱেষণাত জনা গৈছে যে সাঁতুৰিলে মস্তিষ্কৰ ৰক্তপ্ৰবাহ বাঢ়ে৷ চেৰোটনিন আৰু ডোপামিন হৰমন নিঃসৰণ হয় সাঁতুৰিলে৷ সেয়ে মনৰ স্বাস্থ্য উন্নত হৈ মন প্ৰফুল্লিত কৰি ৰখাত সহায় কৰে৷ হতাশা, দুশ্চিন্তা, মানসিক চাপৰ পৰা মুক্তি পাবলৈ সাঁতোৰাৰ অভ্যাস কৰক৷ আনহাতে সাঁতুৰিলে টোপনি উন্নত হয় আৰু স্মৃতিশক্তি বৃদ্ধি পায়৷