আৰ্তজনলৈ সহায়ৰ হাত ছিৰাগ ফাউণ্ডেশ্যনৰ

0
1714

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ বৰ্তমানেও অব্যাহত আছে৷ এই সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত বলৱৎ হোৱা আশিংক লকডাউন এতিয়াও অটুট আছে৷ কভিডৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে আয়ুৰ্বেদৰ প্ৰচাৰ, প্ৰসাৰ, উত্তৰণ তথা দুখীয়া আৰু আৰ্তজনৰ সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহিছে ছিৰাগ ফাউণ্ডেশ্যন নামৰ এটি চিকিৎসকৰ দল৷

বেডিনি ডাৰ্মাকেয়াৰৰ নেতৃত্বত গঠন কৰা হৈছে এই ছিৰাগ ফাউণ্ডেশ্যন৷ আয়ুৰ্বেদ তথা আধুনিক চিকিৎসাৰ মাধ্যমেৰে দুখীয়া আৰু আৰ্তজনক সহায় কৰা তথা সাধ্যানুসৰি দুখীয়াজনক আৰ্থিক সহায় আগবঢ়োৱাই যোৱাটোৱেই হৈছে ছিৰাগ ফাউণ্ডেশ্যনৰ মূল উদ্দেশ্য৷ সেই মৰ্মে ২ জুন তাৰিখে ছিৰাগ ফাউণ্ডেশ্যনৰ সদস্যসকলে ২০জনতকৈ অধিক লোকৰ মাজত চাউল, দাইল, নিমখ, আলু, ঔষধ তথা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰি প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰে৷ উল্লেখ্য যে বৰ্তমান কভিডকালীন পৰিস্থিতিত কৰ্মহীন কোনো সদাশয় দুখীয়া শ্ৰেণীৰ আৰ্তজনে যদি কিবা সহায় বিচাৰে, তেনেহ’লে ছিৰাগ ফাউণ্ডেশ্যনে সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here