আশ্চৰ্য! অৰুণাচলত বিৰল ‘মেয়েৰী’ৰ উপস্থিতি

0
1662
সমগ্ৰ পৃথিৱীতে অত্যন্ত বিৰল প্ৰজাতিৰ এটা চৰাইৰ অস্তিত্ব পোৱা গৈছে অৰুণাচল প্ৰদেশৰ আনজাউ জিলাৰ ৱালঙত৷ তিনিচুকীয়াৰ এগৰাকী পক্ষী নিৰীক্ষক তথা নৰ্থ ইষ্ট বাৰ্ডিং ট্যুৰছৰ অংশীদাৰ বিনন্দ হাতীবৰুৱাই এই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে বিভিন্ন প্ৰান্তৰৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ, পক্ষী নিৰীক্ষক আদিৰ গাইড হৈ নিজৰ জীৱন নিৰ্বাহ কৰা বিনন্দ হাতীবৰুৱাই অৰুণাচলৰ ৱালঙলৈ দিল্লীৰ এগৰাকী ৱাইল্ড লাইফ ফটোগ্ৰাফাৰক লৈ গৈছিল৷ তেওঁলোকৰ লগত আছিল আন এজন সহযোগী অনুপম নাহৰ ডেকা৷ ৱালঙৰ বিখ্যাত হেলমেট টপ নামৰ স্থানত এই চৰাইটো দেখা পায়৷ চৰাইটো দেখাৰ লগে লগে বিনন্দৰ লগতে ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ ৰাজীৱ দাসগুপ্তই ফটো লয়৷  বিনন্দ হাতীবৰুৱাই এই ফটো ফে’চবুকত নিজৰ একাউণ্টৰ যোগেদি প্ৰচাৰ কৰাতহে প্ৰকৃত তথ্য পোহৰলৈ আহে৷ চৰাইটো ‘ককলাছ ফিজেণ্ট’ (koklass pheasant) বুলি সন্দেহ কৰা হৈছিল যদিও ই প্ৰকৃততে ককলাছ ফিজেণ্টৰ এটা উপ-প্ৰজাতিহে৷ যাক এগৰাকী অভিজ্ঞতাপুষ্ট পক্ষী নিৰীক্ষকে ‘মেয়েৰী’ (Meyeri) বুলি চিনাক্ত কৰিছে৷ এই পক্ষীবিধ ভাৰতৰ ক’তো দেখিবলৈ পোৱা নাযায়৷ পূৰ্বে লাডাখত ককলাছ ফিজেণ্ট আছিল যদিও বৰ্তমানে তাত লুপ্ত পাইছে৷ এই মেয়েৰী প্ৰজাতিবিধ দক্ষিণ-পূব তিববতত আছিল যদিও তাতো লুপ্ত পাইছে৷ চীনৰ কোনো কোনো স্থানত এতিয়াও পোৱা যায় যদিও অত্যন্ত বিৰল৷ ৱালঙত এনে ফিজেণ্টৰ কেইবাটাও প্ৰজাতি দেখা যায় যদিও এইটো প্ৰথমবাৰৰ বাবে ৰেকৰ্ড হিচাপে পোৱা গৈছে৷ বিনন্দ হাতীবৰুৱাৰ মতে হয়তো এই চৰাইবিধৰ এয়াই প্ৰথম ফটোগ্ৰাফ৷ অৰুণাচল প্ৰদেশৰ গভীৰ অৰণ্যত ইতিমধ্যে বহু নতুন নতুন প্ৰজাতিৰ জীৱ আৱিষ্কাৰ হৈছে৷ তাৰ মাজতে এই চৰাইবিধ পোৱাটো এটা সৌভাগ্যৰ কথা বুলি হাতীবৰুৱাই উল্লেখ কৰে৷ কিয়নো এই চৰাইবিধ ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here