আপোনাৰ সন্তানটিৰ কাণ পকিছে নেকি? হ’ব পাৰে এইবোৰ কাৰণ

0
565
সৰু ল’ৰা-ছোৱালীৰ প্ৰায়ে কাণৰ বিষ, কাণৰ পৰা পূঁজ ওলোৱা আদি দেখা যায়৷ এনেধৰণৰ সমস্যা হ’লে ততালিকে চিকিৎসকৰ কাষ চপা উচিত৷ আচলতে সৰু ল’ৰা-ছোৱালীৰ কাণৰ বিষ, কাণৰ পৰা দুৰ্গন্ধ ওলোৱা, পূঁজ জমা হোৱা আদিবোৰ হৈছে কাণ পকাৰ লক্ষণ৷ সেয়েহে বেমাৰটোৰ চিকিৎসা কৰাৰ আগতে যদি ইয়াৰ কাৰণসমূহ জানি ল’ব পাৰোঁ, তেন্তে কাণৰ যিকোনো সমস্যা হোৱাৰ সম্ভাৱনা আগতে দূৰ কৰিব পাৰি৷ এতিয়া জানো আহক কাণ পকাৰ কাৰণসমূহ কি কি?

(১) গা ধোৱাৰ সময়ত কাণৰ ভিতৰত পানী সোমালে কাণ পকা ৰোগ হ’ব পাৰে৷ বিশেষকৈ অপৰিষ্কাৰ পানী সোমালে সহজে কাণ পকে৷


(২) বহু লোকে কাণ পৰিষ্কাৰ কৰিবৰ কাৰণে শিশুৰ কাণত গৰম তেল দিয়া দেখা যায়৷ কিন্তু এই গৰম তেল প্ৰয়োজনতকৈ অধিক আৰু সঠিক নিয়মত নিদিলে কাণ পকিব পাৰে৷


(৩) প্ৰায়ে শিশুসকলৰ মাজত লগা অৰিয়াঅৰিৰ ফলত কাণত জোৰেৰে থাপৰ বা আঘাত লাগিলে কাণ পকা ৰোগ হ’ব পাৰে৷


(8) শিশুক চামুচেৰে গাখীৰ বা পানী খুৱাওঁতে সাৱধান হোৱা উচিত৷ কিয়নো কেনেবাকৈ গাখীৰ বাগৰি কাণৰ ভিতৰত সোমায়ো কাণ পকাব পাৰে৷


(৫) মূৰত বা কাণৰ ভিতৰত যদি ফোহা হয়, সেই ফোহা পকি পূঁজ ওলাব পাৰে৷


(৬) কাণৰ ভিতৰত ময়লা বা কণামাকৰি জমা হ’লেও কাণৰ বিষ বা কাণ পকিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here