অসমৰ উপগ্ৰহ উৎক্ষেপণ পূৰ্ণ সহযোগৰ আশ্বাস ইছৰ’ৰ

0
1

অসমৰ উপগ্ৰহ উৎক্ষেপণৰ দৃষ্টিভংগীৰ বিষয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইছৰ’ৰ অধ্যক্ষ ভি নাৰায়ণন, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ড কৃষ্ণণ কুমাৰ, কেন্দ্ৰীয় সাৰ দপ্তৰৰ সচিব ৰজত কুমাৰৰ সৈতে পৃথকে বৈঠকত মিলিত হয়৷ উক্ত বৈঠকত ইছৰ’ৰ অধ্যক্ষই অসম চৰকাৰৰ এই অভিলাষী পদক্ষেপক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ইছৰ’ৱে পূৰ্ণ সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে৷ এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰকাশ কৰা মতে, অনাগত দিনত অসমৰ আকাশত ছয়-সাতটা সৰু ছেটেলাইট ঘূৰি থাকিব৷ অহা জানুৱাৰীত চন্দ্ৰপুৰত এটা ৰাডাৰ স্থাপন কৰাৰ কথাও ভবা হৈছে বুলি উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here