SIPRI-ৰ সমীক্ষাত ভাৰতে কিহত পালে তৃতীয় স্থান

0
546

বিশ্বৰ সামৰিক ব্যয় ২০২১ চনত সৰ্বকালৰ ভিতৰত সৰ্বোচ্চ হৈছে৷ এই বৰ্ষত বিশ্বত সামৰিক শিতানত ২.১ ট্ৰিলিয়ন আমেৰিকান ডলাৰ ব্যয় হৈছে৷ ষ্টকহ’ম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে [এছ আই পি আৰ আই] এই কথা জনায়৷ 
প্ৰতিষ্ঠানটোৱে আৰু কয় যে সামৰিক ব্যয়ত ২০২১ চনত বিশ্বৰ শীৰ্ষ তিনিখন দেশ হৈছে ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ভাৰত৷ ষ্টকহ’মৰ প্ৰতিষ্ঠানটোৱে এটা বিবৃতিত কয় যে বিশ্বৰ মুঠ সামৰিক ব্যয় ২০২১ চনত ০.৭শতাংশ বৃদ্ধি পাই ২১১৩ বিলিয়ন ডলাৰ হৈছে৷ 
২০২১ চনত সামৰিক শিতানত আটাইতকৈ বেছি ব্যয় কৰা দেশকেইখন হৈছে ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰত, ইউনাইটেড কিংডম আৰু ৰাছিয়া৷ এই দেশকেইখনে কৰা মুঠ সামৰিক ব্যয় হৈছে বিশ্বৰ মুঠ সামৰিক ব্যয়ৰ ৬২ শতাংশ৷ 
প্ৰতিষ্ঠানটোৱে বিবৃতিত কয় যে আনকি কভিড-১৯ মহামাৰীৰ বাবে অৰ্থনীতিৰ পতন হোৱা তথা মুদ্ৰাস্ফীতিৰ বাবে বিকাশ মন্থৰ হোৱা সত্ত্বেও বিশ্বৰ সামৰিক ব্যয় অভিলেখ স্তৰ পালেগৈ৷ আনহাতে ২০২০ চনতকৈ ২০২১ চনত আমেৰিকাৰ সামৰিক ব্যয় ১.৪ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে চীনৰ ৪.৭ শতাংশ আৰু ভাৰতৰ ০ .৯ শতাংশ বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here