R-Value বৃদ্ধি উদ্বেগৰ কাৰণ: ডাঃ ৰণদীপ গুলেৰিয়া

0
825
এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে ভাৰতৰ  R-Value, অৰ্থাৎ ৰিপ্ৰডাক্টিভ ভেলু ক্ৰমাৎ বৃদ্ধি পাইছে আৰু এইটো উদ্বেগৰ কাৰণ৷ দেশখনৰ যিবোৰ অংশত কভিড-১৯ৰ নতুন সংক্ৰমণ বৃদ্ধি পাইছে সেইবোৰ অংশত নিয়ন্ত্ৰণৰ আক্ৰমণাত্মক কৌশল লোৱাত তেওঁ গুৰুত্ব আৰোপ কৰে৷ দেশখনত কভিড-১৯ৰ তৃতীয়টো ঢৌ উঠিব বুলি হোৱা আশংকাৰ মাজত তেওঁ এই মন্তব্য কৰে৷ ডাঃ গুলেৰিয়াই এটা টেলিভিছন চেনেলক কয় যে দশমিক ৯৬ৰ পৰা R-ভেলু ১লৈ বাঢ়িছে আৰু এইটো উদ্বেগৰ বিষয়৷ সাধাৰণভাৱে ক’বলৈ হ’লে ইয়াৰ অৰ্থ হ’ল যে কভিডত আক্ৰান্ত ব্যক্তি এজনৰ পৰা আনলৈ সংক্ৰমণ বিয়পাৰ সম্ভাৱনা বাঢ়িছে৷ যিবোৰ অঞ্চলত R-ভেলু বাঢ়িছে সেইবোৰ অঞ্চলত নিষেধাজ্ঞা আৰোপ কৰিব লাগে আৰু সংক্ৰমণৰ শৃংখল ভাঙি দিবলৈ ‘Test, track and treat’ কৌশল প্ৰয়োগ কৰিব লাগে৷  R Factor হ’ল ভাইৰাছ এটাৰ কাৰ্যক্ষম বংশ বৃদ্ধিৰ এটা সূচক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here