GMCH-ৰ CN Centre-ত এমাহতে ১০ হাজাৰ ৰোগীৰ চিকিৎসা গ্ৰহণ

0
246

জি এম চি এইচৰ নৱনিৰ্মিত চি এন চেণ্টাৰে জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰিছে৷ এই নতুন ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনত মাত্ৰ এটা মাহতে প্ৰায় ১০ হাজাৰ ৰোগীয়ে চিকিৎসা কৰাইছে৷ হৃদৰোগ আৰু স্নায়ুৰোগৰ বাবে বিশেষভাৱে নিৰ্মিত এই চিকিৎসালয়খনত চিকিৎসা আৰম্ভ হোৱা এমাহ সম্পূৰ্ণ হয়৷ 
এই এটা মাহৰ ভিতৰতে ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনত স্নায়ু আৰু হৃদৰোগৰ সকলো বিভাগ কাৰ্যক্ষম হৈ উঠিছে৷ আনহাতে চিকিৎসালয়খন আৰম্ভ হোৱাৰ এটা মাহতে স্নায়ুৰোগৰ ৪০টাকৈ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে৷ 
ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনৰ অধ্যক্ষ ডাঃ বি কে বৈশ্যই কয় যে চিকিৎসালয়খন আৰম্ভ হোৱাৰ পাছতে ৰাইজে প্ৰদৰ্শন কৰা সঁহাৰি স্বীকাৰ কৰিবই লাগিব৷ এই এটা মাহত চিকিৎসালয়খনে আগবঢ়োৱা সেৱাৰ বাবে তেওঁ আংশিকভাৱে সন্তুষ্ট হোৱা বুলি উল্লেখ কৰি আৰু বহু দিশত কৰিবলগীয়া কাম বাকী আছে বুলি কয়৷
চিকিৎসালয়খনৰ বহিঃবিভাগত প্ৰায় ১০ হাজাৰ ৰোগীয়ে চিকিৎসা কৰোৱা বুলি সদৰী কৰি তেওঁ কয় যে নতুন চিকিৎসালয় হিচাপে এটা ডাঙৰ সংখ্যা৷ আনহাতে জি এম চি এইচৰ মূল চিকিৎসালয়খনৰ তুলনাত ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনত বহু উন্নত চিকিৎসা সেৱা প্ৰদানৰ সুযোগ লাভ কৰা বুলি সদৰী কৰি তেওঁ নতুন চিকিৎসালয়খনত সকলো দিশতে সুবিধা বৃদ্ধি হৈছে৷ আনকি অপাৰেশ্যন থিয়েটাৰো কেইবাটাও বৃদ্ধি হৈছে৷ চিকিৎসালয়খনে সমাগত দিনত ৰাজ্যৰ ৰোগীসকলক অধিক উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ সুবিধা পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here