DNA বাৰ ক’ডিঙৰ জৰিয়তে উদ্ভিদৰ গৱেষণা

0
349

বিভিন্ন উদ্ভিদ গোটৰ ডি এন এ বাৰ ক’ডিং [DNA Barcoding] বিষয়ত কৰা উৎকৃষ্ট গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড॰ পংকজ চেতিয়ালৈ আগবঢ়োৱা হৈছে সন্মানীয় অধ্যাপক অৰুণ কুমাৰ পাণ্ডে জৈৱ-বৈচিত্ৰ্য বঁটা৷ ইটানগৰস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, কলকাতাস্থিত ব’টানিকেল ছাৰ্ভে অব্‌ ইণ্ডিয়া আৰু 'East Himalayan Society for Spermatophyte Taxonomy'-ৰ সহযোগত অনুষ্ঠিত ‘Plant Taxonomy and Traditional knowledge in the Himalayas and North-East India’ বিষয়ক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনলাইন ছেমিনাৰত ড॰ চেতিয়াক এই সন্মানেৰে সন্মানিত কৰা হয়৷ ড॰ চেতিয়াৰ এই সাফল্যৰ বাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপাচাৰ্য ড॰ লীলাকান্ত নাথে এই সাফল্যৰ বাতৰিয়ে বিশ্ববিদ্যালয়ৰ সকলো গৱেষককে অনুপ্ৰাণিত কৰিব বুলি কয়৷ এই সন্দৰ্ভত ড॰ চেতিয়াই  কয় যে জৈৱ-বৈচিত্ৰ্যৰে ভৰা উত্তৰ-পূৰ্বাঞ্চলৰ বহু উদ্ভিদৰ এতিয়াও আণৱিক পৰ্যায়ৰ গৱেষণা হোৱা নাই আৰু এনে গৱেষণা নোহোৱাকৈয়ে অনেক উদ্ভিদ-প্ৰজাতি বিলুপ্তিৰ গৰাহত পৰিছে৷ সেয়ে ডি এন এ বাৰ ক’ডিঙৰ জৰিয়তে এনে দুৰ্লভ উদ্ভিদসমূহৰ গৱেষণা কৰাটো অতিকৈ জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here