CMIE-ৰ তথ্য : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি নিবনুৱাৰ সংখ্যা

0
250


ৰাজ্যখনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নিবনুৱা লোকৰ সংখ্যা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰাৰ সময়তে ৰাজ্যখনত শেহতীয়াকৈ নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ আনকি নিবনুৱা বৃদ্ধিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰকো চেৰ পেলাইছে অসমে৷ দেশৰ অৰ্থনীতিৰ থিংক টেংকস্বৰূপ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি [Centre for Monitoring Indian Economy (CMIE) নামৰ সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা দুটা মাহতে ৰাজ্যখনত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ৫.৯ শতাংশ৷ যোৱা অক্টোবৰ মাহত অসমত নিবনুৱাৰ হাৰ আছিল ৯.১ শতাংশ কিন্তু নৱেম্বৰ মাহত এই হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাই হৈছেগৈ ১৪.০ শতাংশ৷ অসমত এনেদৰে অভাৱনীয়ভাৱে নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত নিবনুৱাৰ হাৰ বিশেষ বৃদ্ধি পোৱা নাই৷ তথ্য অনুসৰি যোৱা অক্টোবৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত নিবনুৱাৰ হাৰ আছিল ৮.৯ শতাংশ৷ ইয়াৰ পাছত নৱেম্বৰ মাহত এই হাৰ বৃদ্ধি পাই হৈছেগৈ ৯ শতাংশ৷ আনহাতে অসমত নিবনুৱা লোকৰ সংখ্যা এনেদৰে বৃদ্ধি পোৱাৰ বিপৰীতে কিন্তু গুজৰাট, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িষা, পঞ্জাব আদি ৰাজ্যত এনেদৰে নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱা নাই৷ নৱেম্বৰ মাহত গুজৰাটত নিবনুৱাৰ হাৰ হৈছে ২.৫ শতাংশ, একেদৰে নৱেম্বৰ মাহত কৰ্ণাটকত ১.৯ শতাংশ, কেৰালাত ৫.৯ শতাংশ, মধ্যপ্ৰদেশত ৬.২ শতাংশ, মহাৰাষ্ট্ৰত ৩.৫ শতাংশ, পঞ্জাবত ৮.৯ শতাংশ হৈছে নিবনুৱাৰ হাৰ৷ ইফালে অভাৱনীয়ভাৱে বৃদ্ধি পোৱা এই নিবনুৱা সমস্যা চলিত বৰ্ষত আৰু অধিক জটিল হোৱাৰহে সম্ভাৱনা আছে৷ কিয়নো ৰাজ্য চৰকাৰখনে নিবনুৱাসকল আত্মনিৰ্ভৰশীল হোৱাৰ বাবে বিশেষ কোনো উৎপাদনমুখী আঁচনি গ্ৰহণ কৰা নাই৷ এনে পৰিস্থিতিত অনাগত সময়ত ৰাজ্যত নিবনুৱাৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here