ৰূপচৰ্চাৰ বাবে প্ৰাকৃতিক টোনাৰ কেনেদৰে প্ৰস্তুত কৰিব ?

0
465

মুখৰ ছালখনৰ যতনৰ কোনেও ত্ৰুটী নকৰে৷ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত দিনে-নিশাই মুখৰ যতনৰ চেষ্টা কৰি থাকে৷ ইয়াৰ বাবে দৈনিক পাৰ্লাৰলৈ যোৱা, বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা, ফেচিয়েল কৰাকে ধৰি বিভিন্ন পন্থা অৱলম্বন কৰে, যাতে ছালখনৰ সৌন্দৰ্য দুগুণে চৰে৷ মুখৰ সৌন্দৰ্য অটুট ৰাখিবলৈ লগতে ছালখনক সুৰক্ষা দিবলৈ বজাৰত বিভিন্ন কোম্পানীৰ টোনাৰ পোৱা যায় যদিও ঘৰতে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰি ছালত ব্যৱহাৰ কৰিলে যথেষ্ট সুফল লাভ কৰিব পাৰি৷ ছালখনৰ সুৰক্ষা দিবলৈ ঘৰতে কিদৰে টোনাৰ প্ৰস্তুত কৰিব জানো আহক৷
প্ৰাকৃতিকভাৱে গোলাপ জলে টোনাৰৰ কাম কৰে৷ ৰূপচৰ্চাত টনিঙৰ বাবে গোলাপ জলৰ ওপৰত বহুতেই ভৰসা কৰে৷ গোলাপ জলৰ উপৰি আৰু কিধৰণৰ ঘৰুৱা টোনাৰ ব্যৱহাৰ কৰিব৷
এলাভেৰা জেলৰ নানা উপকাৰিতা আছে, সেই কথা আমি জানো৷ এলোভেৰা জেল মুখৰ ছালখনত টোনাৰ হিচাপে যথেষ্ট কাৰ্যকৰী হিচাপে কাম কৰে৷ এই জেলে ছালখন উজ্জ্বল কৰাৰ লগেত ব্ৰুনৰ সমস্যাৰ পৰা ছালখনৰ সুৰক্ষা প্ৰদান কৰে৷ যিসকলৰ ছালখন শুকান, ৰুক্ষ, সেইসকলে ছালখন আদ্ৰৰ্ কৰি ৰাখিবলৈ এলোভেৰা জেল টোনাৰ হিচাপে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷
ছালৰ শুষ্কতা, ৰুক্ষভাব নোহোৱা কৰিবলৈ এছেনচিয়েল অইল ব্যৱহাৰ কৰিব পাৰে৷ এইবিধ অইল নাৰিকল তেলৰ সৈতে মিহলাই টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ মুখৰ ব্ৰুনৰ সমস্যা আদি দূৰ কৰাত সহায় কৰে৷
টি ট্ৰি অইল অথবা লেভেণ্ডাৰ অইল টোনাৰ হিচাপে বেছ জনপ্ৰিয়৷ এইবিধ অইল ব্যৱহাৰ কৰিলে ছালৰ বিভিন্ন সমস্যা নোহোৱা হয়৷
টোনাৰ হিচাৰে গ্ৰীন টী যথেষ্ট উপকাৰী৷ ইয়াত ভৰপূৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ছালখনৰ স্বাস্থ্য ঘূৰাই অনাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here