ৰায়দান ! সকলো মহিলাৰ গৰ্ভপাত কৰোৱাৰ অধিকাৰ আছে

0
198

উচ্ছতম ন্যায়ালয়ে গৰ্ভপাত সম্পৰ্কত এটা ঐতিহাসিক ৰায় দিয়ে৷ উচ্ছতম ন্যায়ালয়ে দিয়া ৰায়টোত কোৱা হৈছে যে মহিলাসকলৰ গৰ্ভপাত কৰোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে৷ ইয়াত তেওঁলোকৰ বৈবাহিক স্থিতিয়ে কোনোধৰণৰ প্ৰভাৱ নেপেলায়৷ ন্যায়ালয়ে ৰায়টোত কয় যে নতুন মেডিকেল টাৰ্মিনেশ্যন অব্‌ প্ৰেগনেন্সি আইন আৰু নিয়ম অনুসৰি বিবাহিত বা অবিবাহিত যিকোনো মহিলাৰ গৰ্ভধাৰণৰ ২৪ সপ্তাহৰ ভিতৰত নিৰাপদ আৰু আইনীভাৱে গৰ্ভপাত কৰোৱাৰ অধিকাৰ আছে৷ ন্যায়ালয়ে ৰায়টোত কয়– সকলো বিবাহিত বা অবিবাহিত মহিলাৰ গৰ্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে সুৰক্ষিত তথা আইনীভাৱে গৰ্ভপাত কৰোৱাৰ অধিকাৰ আছে৷ গৰ্ভপাত আইনৰ অধীনত বিবাহিতা আৰু অবিবাহিতা মহিলাৰ মাজত ভেদ ভাব কৰাটো সাংবিধানিকভাৱে সঠিক নহয়৷
কেৱল বিবাহিতা মহিলাইহে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে বুলি থকা ধাৰণাই সংৰক্ষণবাদী মনোভাবত উদগনি যোগায়৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ এ এছ বোপান্নাক লৈ গঠিত বিচাৰপীঠে এই ৰায় দিয়ে৷ বিচাৰপীঠৰ মতে, ‘গৰ্ভপাত আইনৰ অধীনত বিবাহিতা আৰু অবিবাহিতা মহিলাৰ মাজত পক্ষপাতিত্ব কৰাটো প্ৰাকৃতিকভাৱে তথা সাংবিধানিকভাৱে উচিত নহয়৷’ আদালতে লগতে কয় যে বিবাহিতা মহিলাও যৌন আতিশয্য আৰু বলাৎকাৰৰ বলি হোৱাসকলৰ আওতালৈ আহিব পাৰে৷ বলাৎকাৰৰ অৰ্থ হ’ল কোনো মহিলাৰ সৈতে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে সম্পৰ্ক স্থাপন কৰাটো৷ এগৰাকী বিবাহিতা মহিলা তেওঁৰ নিজৰ সন্মতিৰ অবিহনে স্বামীয়ে কৰা যৌন সম্পৰ্কৰ ফলত গৰ্ভৱতী হ’ব পাৰে৷ উল্লেখযোগ্য যে এগৰাকী ২৫ বছৰীয়া অবিবাহিতা মহিলাই ২৪ সপ্তাহৰ ভিতৰত গৰ্ভপাত কৰোৱাৰ অনুমতি বিচাৰি জনোৱা আৱেদনৰ ভিত্তিত উচ্ছতম ন্যায়ালয়ে আজি এই গুৰুত্বপূৰ্ণ ৰায় দিয়ে৷ দিল্লী উচ্ছ ন্যায়ালয়ে যোৱা ১৬ জুলাইত তেওঁৰ আৱেদন খাৰিজ কৰিছিল৷ ইয়াৰ পাছত তেওঁ উচ্ছতম ন্যায়ালয়ত আৱেদন জনাইছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here