ৰাতি শোৱাৰ সময়ত কিছু মানিবলগীয়া নিয়ম

0
354

ৰাতি শোৱাৰ সময়ত আমি কিছুমান নিয়ম পালন কৰিব লাগে৷ ইয়াৰ ফলত টোপনি ভাল হোৱাৰ লগতে অভ্যন্তৰীণ বহুতো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷ আনহাতে বহুতৰে শোৱাৰ সময়ত উজ্জ্বল পোহৰ অথবা কৃত্ৰিম পোহৰত শোৱাৰ অভ্যাসে গঢ় লয়, কিন্তু এইদৰে পোহৰত শোৱাটো কিমান যুক্তিসংগত বা উচিতনে? 
এই বিষয়ে জানো আহক৷ ৰাতি কৃত্ৰিম পোহৰত টোপনি মাৰিলে শৰীৰত তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ ছিকাগোৰ নৰ্থ ৱেষ্টাৰ্ন ইউনিভাৰ্ছিটিৰ এটা গৱেষণাত এই কথা প্ৰকাশ পাইছে৷ শোৱাৰ সময়ত বিভিন্ন ধৰণৰ পোহৰ ব্যৱহাৰ কৰি এই গৱেষণাটো কৰা হৈছিল৷ 
গৱেষণাৰ পাছত দেখা গৈছিল যে কৃত্ৰিম পোহৰ বা বিভিন্ন আলোকসজ্জা মাজত ৰাতি টোপনি মাৰিলে গ্লুকজৰ মাত্ৰা বাঢ়ি যায়৷ শৰীৰত মেটাবলিজমৰ অৱনতি হয়৷ ইয়াৰ ফলত হৃদৰোগ, ডায়েবেটিছ বা মেটাবলিক চিণ্ড্ৰমৰ সম্ভাৱনা বৃদ্ধি পায়৷ ৰাতি কৃত্ৰিম পোহৰত শোৱাৰ সময়ত আলোক এক্সপোজাৰ ইনছুলিন প্ৰতিৰোধ ক্ষমতা বাঢ়িব পাৰে৷ 
এনে অৱস্থাত স্নায়ুতন্ত্ৰক আৰু অধিক সক্ৰিয় কৰি টোপনিত ব্যাঘাত জন্মাব পাৰে৷ গৱেষণাটোত বিজ্ঞানীসকলে কৃত্ৰিম পোহৰ আৰু বিপাকীয় ক্ৰিয়াৰ মাজত এটা সম্পৰ্কৰ কথা উল্লেখ কৰিছে৷ জনা মতে টোপনিৰ ধৰণৰ ওপৰত মেটাবলিজম সংক্ৰান্তীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ ২০জন লোকক লৈ তেওঁলোকে এই পৰীক্ষাটো কৰিছিল৷ 
এই ২০জনৰ ভিতৰত ১০জনৰ এটা কৃত্ৰিম পোহৰ থকা কোঠা আৰু অন্য ১০জনক এটা মন্থৰ পোহৰ থকা কোঠাত শুবলৈ দিয়া হৈছিল৷ উভয় গোটক এদিনৰ বাবে শুবলৈ দি তাৰ পাছত তেওঁলোকক মূল্যায়ন কৰা হৈছিল৷ 
দেখা গৈছিল যে কৃত্ৰিম পোহৰ শোৱাসকলৰ ইনছুলিন প্ৰতিৰোধ ক্ষমতা ১৫ শতাংশ হ্ৰাস পাইছিল আৰু কম পোহৰত শোৱাসকলৰ ইনছুলিনৰ প্ৰতিৰোধৰ ক্ষমতা মাত্ৰ ৪ শতাংশ হ্ৰাস পাইছিল৷ আনহাতে ইনছুলিন সংবেদনশীলতাৰ পৰিপ্ৰেক্ষিতত বেছি পোহৰ থকা কোঠাত শোৱাসকলৰ মাজত ১৬ শতাংশ হ্ৰাস পাইছিল আৰু কম পোহৰত শোৱাৰ ক্ষেত্ৰত ৩ শতাংশ বৃদ্ধি পাইছিল৷ 
অৱশ্যে তেজৰ শৰ্কৰাৰ মাত্ৰাৰ ক্ষেত্ৰত কোনো উল্লেখযোগ্য পাৰ্থক্য দেখা পোৱা নাছিল৷ এই গৱেষণাৰ পাছত গৱেষকে এক সিদ্ধান্তত উপনীত হয় যে যিসকল লোকে ৰাতি শোৱাৰ সময়ত উজ্জ্বল তথা কৃত্ৰিম পোহৰত শোৱে, কৃত্ৰিম পোহৰে তেওঁলোকৰ স্নায়ুতন্ত্ৰ সক্ৰিয় কৰে আৰু কাৰ্ডিঅ’মেটাবলিক ফাংশ্যনত পৰিৱৰ্তন সাধন কৰে৷ এজন মানুহে যদি কম পোহৰ ৰাতি টোপনি মাৰে, তেওঁলাকৰ টোপনিৰ মান উন্নত হোৱাৰ লগতে ভাল টোপনি অহাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here