ৰাজ্যৰ কিমান অনাথ শিশুৱে পালে পি এম কেয়াৰ্ছৰ সুবিধা

0
472

ক’ভিড অতিমাৰীৰ সময়ত অসমৰ ৫৫টি শিশু অনাথ হৈছিল৷ এই শিশুসকলে পি এম কেয়াৰ্ছ ফৰ চিলড্ৰেনৰ সুবিধা লাভ কৰিব৷ অসমৰ ৫৫টি কভিডত অনাথ শিশুৱেও দেশৰ অন্য শিশুৰ দৰে ২৩ বছৰ বয়স পৰ্যন্ত চৰকাৰৰ পূৰ্ণ সহায়-সমৰ্থন লাভ কৰিব৷ এই কথা প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই৷ 
কভিডত পিতৃ-মাতৃ উভয়কে হেৰুওৱা দেশৰ অনাথ শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত আৰু সম্পূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এবছৰ পূৰ্বে ঘোষণা কৰা পি এম কেয়াৰ্ছ ফৰ চিলড্ৰেন আঁচনিৰ সা-সুবিধাসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকললৈ হস্তান্তৰকৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে৷ 
অনাথ শিশুসকলৰ পঢ়া-শুনা, থকা-খোৱাকে ধৰি সকলো দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰি তেওঁলোকক উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই অভিলাষী আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য যে পি এম কেয়াৰ্ছ ফৰ চিলড্ৰেন আঁচনিখনৰ অধীনত ক’ভিডত পিতৃ-মাতৃ উভয়কে হেৰুওৱা অসমৰো ৫৫টি শিশুক সামৰি লোৱা হৈছে৷ 
আঁচনিখনৰ হিতাধিকাৰী অনাথ শিশুসকলৰ প্ৰত্যেককে ২৩ বছৰ বয়সলৈকে তেওঁলোকৰ উপযুক্ত শিক্ষা-দীক্ষাকে ধৰি তেওঁলোকক নিজৰ ঘৰৰ ওচৰতে চৰকাৰী বা ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি, কিতাপ-বহী-ইউনিফৰ্ম আদিৰ খৰচ পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেনৰ পৰা চৰকাৰে বহন কৰিব৷ 
১৮ বছৰৰ পৰা ২৩ বছৰ বয়সৰ সময়ছোৱাত মাহেকীয়া ষ্টাইপেণ্ড প্ৰদানৰ লগতে চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক শিক্ষাকে ধৰি উচ্চ কাৰিকৰী শিক্ষা তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ক’চিং আৰু শিক্ষা ঋণৰো সুবিধা চৰকাৰে আগবঢ়াব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here