ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে নতুন SOP (New SOP for bypolls in State)

0
1757


কভিড-সৃষ্ট পৰিস্থিতিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য কৰিছে নিৰ্বাচন আয়োগে৷ সাধাৰণতে ভোট গ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে প্ৰচাৰ অভিযানৰ সামৰণি পৰে৷ উপ-নিৰ্বাচনত ৭২ ঘণ্টাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ সামৰিব লাগিব প্ৰাৰ্থী তথা ৰাজনৈতিক দলসমূহে৷ উল্লেখ্য যে অহা ৩০ অক্টোবৰত দেশৰ আন ৰাজ্যৰ লগতে অসমৰো ৫টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সংবাদমেলত ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া নীতিন খাড়েই জানিবলৈ দিয়ে যে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোট গ্ৰহণ হ’ব৷ ভোট গ্ৰহণ আৰু গণনাৰ লগত জড়িত বিষয়া-কৰ্মচাৰী, ৰাজনৈতিক দলৰ পুলিং এজেণ্ট, কাউণ্টিং এজেণ্ট, চালক সকলোৱে কভিড প্ৰতিৰোধক দুটাকৈ ভেকচিন লোৱাটো বাধ্যতামূলক হ’ব৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নমা প্ৰাৰ্থীয়ে ঘৰে ঘৰে চলোৱা প্ৰচাৰ অভিযানত মুঠ ৫জন লোকহে যাব পাৰিব৷ মুখ্য নিৰ্বাচন বিষয়াজনে জানিবলৈ দিয়ে যে স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰাৰ্থী বা ষ্টাৰ কেম্পেইনাৰে ৫০ শতাংশ যাত্ৰী অৰ্থাৎ তিনিজনক লৈ ২০খন গাড়ী ব্যৱহাৰ কৰিব পাৰিব৷ স্বীকৃতিহীন দলে ১০খনকৈ গাড়ী প্ৰচাৰৰ সময়ত নিৰ্বাচনী বিষয়াৰ অনুমতি সাপেক্ষে ব্যৱহাৰ কৰিব পাৰিব৷ ৰোড শ্ব’, বাইক ৰেলী, চাইকেল ৰেলী উপ-নিৰ্বাচনত নিষিদ্ধ কৰা হৈছে৷ পদপথত চলোৱা নিৰ্বাচনী প্ৰচাৰত ৫০জন লোকহে উপস্থিত থাকিব পাৰিব৷ ভিডিঅ’ ভানেৰে প্ৰদৰ্শনৰ জৰিয়তে চলোৱা প্ৰচাৰ অভিযানতো মাত্ৰ ৫০জন লোকহে উপস্থিত থাকিব পাৰিব৷ ভোট কেন্দ্ৰত ভোটদানৰ বাবে যোৱা ভোটাৰে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ মুখ্য নিৰ্বাচন বিষয়াজনে কয় যে ভোট কেন্দ্ৰ সম্পূৰ্ণভাৱে ছেনিটাইজড্‌ কৰা হ’ব৷ ভোটাৰে সামাজিক দূৰত্ব মানিব লাগিব আৰু ভোটাৰক হেণ্ড গ্লভ্‌ছ যোগান ধৰা হ’ব৷ প্ৰেক্ষাগৃহৰ ভিতৰত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত ২০০জন লোকহে উপস্থিত থাকিব পাৰিব৷ মুকলি স্থানত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত ষ্টাৰ কেম্পেইনাৰ থাকিলে সৰ্বাধিক এক হাজাৰ অন্যথা ৫০০জন লোকহে উপস্থিত থাকিব পাৰিব৷ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত দল আৰু প্ৰাৰ্থীসকলে কভিড প্ৰট’কল মানি চলিছে নে নাই সেই কথা মুখ্য সচিব, জিলাৰ কতৃৰ্পক্ষই পৰ্যবেক্ষণ কৰিব লাগিব৷ মুখ্য নিৰ্বাচন বিষয়াই কয় যে কভিডৰ ক্ষেত্ৰত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই দিয়া আন আন বিধি-ব্যৱস্থা মানি চালিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here