ৰাজ্যলৈ কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসক আনিব টাটা ট্ৰাষ্টে

0
207

ৰাজ্যৰ কৰ্কট ৰোগীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা কৰ্কট ৰোগৰ চিকিৎসালয়সমূহত আৰম্ভ হৈছে উন্নত মানৰ চিকিৎসা সেৱা৷ স্বাস্থ্য বিভাগৰ এটা শীৰ্ষ সূত্ৰই এই কথা জানিবলৈ  দি প্ৰকাশ কৰিছে যে কৰ্কট ৰোগৰ চিকিৎসালয়সমূহত কাৰিকৰী সেৱাৰ লগতে চিকিৎসা সেৱাও আগবঢ়াব টাটা ট্ৰাষ্টে৷
অসমত কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম অৱস্থাত টাটা ট্ৰাষ্টে বিশেষজ্ঞ চিকিৎসক দিবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যাতে হাস্পতালসমূহত বিশেষজ্ঞ চিকিৎসকৰ অভাৱত ৰোগীসকল উন্নত চিকিৎসাৰ পৰা বঞ্চিত নহয়৷ 
অৱশ্যে পৰৱৰ্তী সময়ত অসমত বিশেষজ্ঞ চিকিৎসকৰ অভাৱ নোহোৱা হ’লে স্থানীয় লোককে চিকিৎসালয়সমূহত নিয়োগ কৰা হ’ব৷ আনহাতে সম্প্ৰতি মুকলি কৰা হাস্পতালসমূহৰ ভিতৰত ডিব্ৰুগড় আৰু বৰপেটাতহে অস্ত্ৰোপচাৰৰ ব্যৱস্থা আছে যদিও বাকী সকলো হাস্পতালতে বহিঃসেৱাৰ সকলো সুবিধা আছে৷ এম আৰ আই, চিটি স্কেন, আল্ট্ৰা ছাউণ্ডৰ পৰা আৰম্ভ কৰি হাস্পতালসমূহত ৰোগীয়ে নিয়মীয়া চে’কআপৰ লগতে কেম’ থেৰাপী, মেম’গ্ৰাফী কৰাৰ সুবিধাও লাভ কৰিব৷ 
অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানসমূহত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ কৰ্কট ৰোগীসকলক অসম চৰকাৰৰ অটল অমৃত অভিযান আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযানৰ অন্তৰ্গত আয়ুস্মান ভাৰত আঁচনিৰ অধীনত নগদ ধনবিহীন [কেছলেছ] ব্যৱস্থাৰে বিনামূলীয়াকৈ অত্যাধুনিক চিকিৎসা আগবঢ়োৱাক লৈ ইতিমধ্যে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে৷ অসমত যিহেতু দেশৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগী চিনাক্ত হয়, সেয়েহে ৰাজ্যখনত স্থাপন কৰা এই কৰ্কট ৰোগৰ হাস্পতালকেইখনে স্বাস্থ্য খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিছে বুলি ৰাজ্যবাসীয়ে মত ব্যক্ত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here