ৰাজ্যত জৈৱ ইন্ধন ধাৰণাৰ কৰ্মশালা

0
207

ভাৰতীয় তৈল নিগম লিমিটেডে উত্তৰ-পূব ভাৰতত জৈৱ ইন্ধনৰ ধাৰণাৰ বিষয়ে কৰ্মশালা আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰে৷ অনুষ্ঠানত সভাপতিত্ব কৰে আই অ’ এ অ’ ডি এছ অ’ৰ চি জি এম [অভিযান] কে ভি ৰমণমূৰ্তিয়ে৷
নুমলীগড় শোধনাগাৰ লিমিটেড, ভাৰতীয় তেল নিগমৰ উপৰি অসম শক্তি উন্নয়ন সংস্থা, নেক্টাৰৰ দৰে চৰকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ লগতে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপকেও ভাষণ দিয়ে৷ কৰ্মশালাত বিভিন্ন বায়’ মাছ উৎসৰ পৰা ইথানল আৰু কম্প্ৰেছড গেছৰ দৰে জৈৱ ইন্ধনৰ সম্ভাৱনা, বৰ্তমানৰ পৰ্যায় তথা অগ্ৰগতিৰ উপায়ৰ বিষয়ে আলোচনা কৰা হয়৷ 
লগতে বায়’ ডিজেলৰ পৰা ব্যৱহৃত ৰন্ধন তেল [ইউ চি অ’] আৰু জৈৱ হাইড্ৰ’জেনৰ অন্বেষণৰ বিষয়েও আলোচনা অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত এইচ পি চি এল, বি পি চি এলৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে চৰকাৰী সংস্থা এফ এছ এছ এ আইৰ জ্যেষ্ঠ বিষয়ায়ো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷ 
তদুপৰি ঔদ্যোগিক সংস্থা, ভাৰতীয় তৈল নিগম এল অ’ এল ধাৰক, সম্ভাৱনাপূৰ্ণ উদ্যোগী, আই আই টি গুৱাহাটী, তেজপুৰ বিশ্ববিদ্যালয় তথা কটন বিশ্ববিদ্যালয়ৰ সেউজ কোষৰ গৱেষকেও অংশ লয়৷ 
অনুষ্ঠানত কে ভি ৰমণমূৰ্তিয়ে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ বিশাল অনাৱিষ্কৃত সম্ভাৱনাৰ ভিতৰত অন্যতম হৈছে জৈৱ ইন্ধনৰ ক্ষেত্ৰ৷ তেওঁ লগতে কয় যে বৰ্তমান অঞ্চলটোত উপলব্ধ আনুমানিক বায়’ মাছৰ পৰিমাণ হৈছে প্ৰায় ২০ হাজাৰ টি এম টি, ইয়াৰ জৰিয়তে ১০০০ টি পি ডি কম্প্ৰেছড গেছ চি এন জি উৎপাদনৰ সুযোগ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here