ৰাজ্যত ক’ভিডৰ নতুন গাইডলাইন

0
707


ৰাজ্যত দৈনিক ক’ভিডত আক্ৰান্তৰ সংখ্যাই যোৱা দুটা বছৰৰ অভিলেখ ভংগ কৰিলে৷ তদুপৰি ৰাজ্যত ৫ গুণ শক্তিশালী ৰূপত অ’মিক্ৰনৰ সংক্ৰমণ হৈছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে সংবাদমেলযোগে প্ৰকাশ কৰে যে অসমত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা নাই৷ বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমত পুনৰ লকডাউন নিদিয়াৰ আশ্বাস প্ৰদান কৰে৷ এতিয়াৰ পৰা ক’ভিড আক্ৰান্ত চৰকাৰী কৰ্মচাৰীয়ে ক’ভিডত আক্ৰান্ত হোৱাৰ দিনটোৰ পৰা কেৱল জ্জ দিনহে ছুটী লাভ কৰিব বুলি কয়৷ ৰোগীজন চিকিৎসালয়ত থকা আৰু ঘৰত থকা সকলো মিলাই এইকেইদিন ছুটী পোৱাৰ পাছত ৮ নম্বৰ দিনটোত পুনৰ কৰ্তব্যত যোগ দিব লাগিব বুলিও কয়৷ আনহাতে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত অসমত ক’ভিডৰ দ্বিতীয় পালি ভেকচিন দি সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে৷ ইফালে ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিডৰ সংক্ৰমণ, প্ৰতিৰোধ আৰু চিকিৎসা সন্দৰ্ভত এক নতুন নিৰ্দেশনা জাৰি কৰিছে৷ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা ৰাজ্যত ক’ভিড পৰীক্ষাৰ নামত জৰুৰী চিকিৎসা সেৱা ব্যাহত নহ’ব৷ যিকোনো জৰুৰীকালীন চিকিৎসাৰ বাবে ক’ভিডৰ ফলাফললৈ ৰৈ থাকিব নালাগে৷ ইফালে লক্ষণ নথকা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো ক’ভিড পৰীক্ষা বাধ্যতামূলক নহ’ব৷ ইয়াৰ উপৰি ক’ভিড পৰীক্ষাৰ অভাৱত ৰোগীক আন চিকিৎসালয়লৈ প্ৰেৰণ কৰিবও নোৱাৰিব৷ এতিয়াৰ পৰা ক’ভিড ৰোগীক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পঞ্চম দিনা ছুটী দিব লাগিব৷ চিকিৎসালয়ৰ পৰা ছুটী দিয়াৰ সময়ত ৰোগীৰ ক’ভিড পৰীক্ষা জৰুৰী নহ’ব৷ একেদৰে ৰোগীজন একেৰাহে তিনিদিন লক্ষণবিহীন হৈ থাকিলে তেওঁক ঘৰলৈ যাব দিব পাৰিব৷ চিকিৎসালয়ত পাঁচদিন থকা ৰোগীসকলে পৰৱৰ্তী দুদিন ঘৰত আইছ’লেশ্যনত থাকিব লাগিব৷ আক্ৰান্ত হোৱাৰ পৰা সাত দিনৰ পাছতহে তেওঁক ক’ভিড মুক্ত হিচাপে বিবেচনা কৰা হ’ব৷ ইফালে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে ৰাজ্যত এতিয়া ডেল্টা আৰু অ’মিক্ৰন দুয়োটা ভেৰিয়েণ্ট চলি আছে৷ ক’ভিডত আক্ৰান্ত ৰোগী বাঢ়িলেও চিকিৎসাধীন হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা নাই৷ অধিকাংশ লোকেই হ’ম আইছ’লেশ্যনত থকা বুলিও তেওঁ কয়৷ আনহাতে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয় যে এইবাৰ সৰ্বাধিক ২১-৩০ বছৰ বয়সৰ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ দুয়োপালি ভেক্‌চিন লোৱা লোকো ক’ভিডত আক্ৰান্ত হৈছে যদিও সেয়া অতি কম বুলি সদৰী কৰি ভেক্‌চিন নোলোৱা লোক বেছি বুলি সদৰী কৰে৷ তাৰ পাছতে ৬০ বছৰৰ অধিক বয়সৰ লোক আৰু লগতে শিশুও ক’ভিডত আক্ৰান্ত হোৱা বুলি সদৰী কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here