ৰাজ্যত অস্বাভাৱিকভাৱে বৃদ্ধি কৰ্কট ৰোগীৰ সংখ্যা

0
213


অসম তথা উত্তৰ-পূৰ্বাঞ্চল কৰ্কট ৰোগৰ ‘হটস্পট’ত পৰিণত হৈছে৷ উত্তৰ-পূবত প্ৰতি বছৰে প্ৰায় ৪৫ হাজাৰ কৰ্কট ৰোগী চিনাক্ত হয়৷ ইয়াৰ ভিতৰত প্ৰায় ৩৭ হাজাৰ ৰোগীয়েই হৈছে অসমৰ৷ উল্লেখ্যযে অসমত প্ৰতি বছৰে কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে ঠিক সেইদৰে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, যোৱা তিনি বছৰত ৰাজ্যখনত মুঠ ১১০৮৫৭জন লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে৷ আনহাতে মৃত্যু হৈছে ৬৬,৮০০জন লোকৰ৷ আনহাতে ৰাজ্যখনৰ ভিতৰতে কৰ্কট ৰোগত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত৷ জিলাখনত প্ৰতি এক লাখ পুৰুষৰ ভিতৰত ২১৩জন আৰু প্ৰতি এক লাখ মহিলাৰ ভিতৰত ১৬৯গৰাকী আক্ৰান্ত হৈছে৷ এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ পাছতে স্থান লাভ কৰিছে ক্ৰমে কাছাৰ আৰু ডিব্ৰুগড় জিলাই৷ ভাৰতবৰ্ষৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলতে কৰ্কট ৰোগত আক্ৰান্তৰ হাৰ সৰ্বাধিক৷ অসমৰ উপৰি মিজোৰাম, অৰুণাচল, মেঘালয়ত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক এই ৰোগত আক্ৰান্ত হয়৷ অঞ্চলটোত এই ৰোগ বৃদ্ধিৰ মূলতেই হৈছে হৈছে ধঁপাত সেৱন, মদ্যপান আৰু বদ খাদ্যাভ্যাস৷ উত্তৰ-পূবত ধঁপাত সেৱনৰ বাবে হোৱা কৰ্কট ৰোগীৰ হাৰ বেছি৷ অসমত মহিলাৰ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগীৰ হাৰ আটাইতকৈ বেছি৷ বিশেষজ্ঞসকলৰ মতে, কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব পাৰিলে ৮০ শতাংশ ৰোগমুক্ত কৰিব পাৰি৷ কিন্তু কৰ্কট ৰোগৰ সজাগতাৰ অভাৱৰ লগতে বিভিন্ন কাৰণত দুই তৃতীয়াংশ ৰোগী পলমকৈ চিকিৎসালয়লৈ আহে৷ যাৰ বাবে অসমত কৰ্কট ৰোগে লাহে লাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here