ৰন্ধন প্ৰণালীৰ উপৰি নিমখৰ আৰু আছে বহু গুণ (Apart from use in cooking, what other benefits does salt have?)

0
503
       নিমখ আমাৰ ৰন্ধন প্ৰণালীৰ এক অবিচ্ছেদ্য অংগ৷ যিমানে ৰন্ধা ভাল নহওক কিয়, ব্যঞ্জনখনত পৰিমাণৰ নিমখ নহ’লে সকলো অসাৰ-শূন্য৷ যদিহে নিমখৰ পৰিমাণ কম বা বেছি হয়, তেতিয়া সোৱাদহীন হৈ পৰে ব্যঞ্জনখন৷ কিন্তু খাদ্যৰ সোৱাদৰ উপৰি নিমখৰ আৰু আছে বহু গুণ৷ মনত ৰখা দৰকাৰ যে অত্যধিক পৰিমাণে নিমখ খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ ইয়াৰ উপৰি আয়’ডিনযুক্ত নিমখহে আমি খাব লাগে৷ আনহাতে উচ্চ ৰক্তচাপ থকা লোকসকলে নিমখ একেবাৰে পৰিহাৰ কৰাই শ্ৰেয়৷ ৰন্ধাত ব্যৱহাৰ কৰাৰ উপৰি নিমখক আৰু কি কামত ব্যৱহাৰ কৰিব পাৰি জানো আহক৷

(১0 ছালৰ সুৰক্ষাৰ বাবে গা ধোৱাৰ সময়ত নিমখ ব্যৱহাৰ কৰিব পাৰে৷ অলপমান নিমখ পানীত লৈ স্ক্ৰাবিং কৰিলে শৰীৰৰ মৃতকোষবোৰ পৰিষ্কাৰ হয় আৰু ছালখন মসৃণ আৰু উজ্জ্বল হয়৷ ইয়াৰ বাবে আপুনি একাপ সামুদ্ৰিক লোন, একাপ অলিভ অইল, নেমুৰ ৰস, পদিনাৰ ৰস একেলগে লৈ এটা মিশ্ৰণ তৈয়াৰ কৰি ছালখনত স্ক্ৰাব কৰক৷ কিছু সময় ৰাখি পৰিষ্কাৰ পানীৰে ছালখন ধুই দিয়ক৷

Making a Sea Salt Facial Scrub | ThriftyFun


(২) ঠাণ্ডাকালি গলৰ বেথা বা গলৰ খিচখিচনি বেছি হয়৷ এই সমস্যাৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায়টো হ’ল গল গাৰ্গল কৰা৷ ইয়াৰ বাবে এটা গ্লাছত কুহুমীয়া পানী লৈ তাত নিমখ অলপ মিহলাই গাৰ্গল কৰিব লাগে৷ এনে কৰিলে গলৰ খিচখিচনি দূৰ হোৱাৰ লগতে গলৰ বিষৰ¸পৰা যথেষ্ট আৰাম পোৱা যায়৷

Benefits of Gargles with Salt Water: Here is Why You Should Gargle with Salt Water Every Day


(৩) বিউটি ব্লেণ্ডাৰ পৰিষ্কাৰ কৰিবলৈ নিমখ ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে এটা পাত্ৰত পানী লৈ এচামুচ নিমখ মিশ্ৰণ কৰি তাত বিউটি ব্লেণ্ডাৰটো ডুবাই ৰাখক৷ কিছুসময় ৰাখি ব্লেণ্ডাৰটো পুৰণি ব্ৰাছেৰে ঘঁহি ভালদৰে ধুই দিয়ক৷ দেখিব বিউটি ব্লেণ্ডাৰটো নতুনৰ দৰে উজ্জ্বল, চিকচিকীয়া হৈ পৰিছে৷

How To Clean A Makeup Blender Sponge | Saubhaya Makeup


(8) দেখা যায় যে বহুতে অনেক চেষ্টা কৰিলেও বেচিনৰ পৰা দাগ নাইকিয়া কৰিব নোৱাৰে৷ এটা সহজ উপায় অৱলম্বন কৰিলেও কিন্তু নিমিষতে বেচিনৰ দাগ নোহোৱা হয়৷ ইয়াৰ বাবে এটা পাত্ৰত গৰম পানী লৈ তাত একাপ নিমখ মিশ্ৰণ কৰি বেচিনত ঢালি দিয়ক৷ লক্ষ্য ৰাখক যে নিমখ মিশ্ৰিত পানী যাতে বেচিনৰ চাৰিওফালে লাগে৷ ১৫ মিনিটমান পাছত পানীৰে ধুই দিলে দেখিব বেচিনৰ ময়লাৰ দাগ নোহোৱা হৈ বেচিনটো পৰিষ্কাৰ হৈ পৰিছে৷

HOME REMEDIES FOR BLOCKED SINKS AND DRAINS - METRO ROD


(৫) ঘৰত পোক-পৰুৱাৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ নিমখ ব্যৱহাৰ কৰিব পাৰে৷ পোক-পৰুৱা থকা ঠাই বা অহা-যোৱা কৰা বাটত নিমখ ছটিয়াই থওক৷ দেখিব পৰুৱাৰ উপদ্ৰৱ যথেষ্ট কমিছে৷ ইয়াৰ লগতে ঘৰৰ চাৰিওফালে নিমখ পানী ছটিয়ালে মহ-মাখিও নোহোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here