৫০ হাজাৰ বছৰৰ পাছত খালী চকুৰেদেখা যাব এক মহাজাগতিক ঘটনা

0
154

পৃথিৱীৰ নীলা আকাশখনত খালী চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব এক মহাজাগতিক পৰিঘটনা৷ সম্প্ৰতি এটা নতুন ধূমকেতু ফেব্ৰুৱাৰী মাহত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হ’ব৷ এই ধূমকেতুটো বিগত ৫০ হাজাৰ বছৰৰ পাছত দেখা যাব৷ গত ৫০ হাজাৰ বছৰে ধূমকেতুটো দেখা পোৱা নগৈছিল৷ পৃথিৱীৰ কিছু ঠাইত অহা সপ্তাহৰ ভিতৰত ৰাতিৰ আকাশত খালী চকুৰে এই ধূমকেতুটো দেখা পোৱা যাব৷ মহাকাশ গৱেষণা সংস্থা নাছাই জনাইছে যে জ্যোতিৰ্বিজ্ঞানীয়ে এই ধূমকেতুটো বিগত মাৰ্চ মাহত জুইকি ট্ৰেনজিয়েণ্ট ফেচিলিটিত ৱাইভ ফিল্ড ছাৰ্ভে কেমেৰাৰ মাধ্যমেৰে দেখা পাইছিল৷ ইয়াৰ নাম দিয়া হৈছিল চি/২০২২ ই৩ [ZTF]৷ সেই সময়ত ই বৃহস্পতিৰ কক্ষপথত আছিল আৰু ইয়াৰ পৰাই ইয়াৰ উজ্জ্বলতা বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here