৫০ শতাংশ দেশবাসী ডাল-দৰিদ্ৰ কাৰ এই প্ৰতিবেদন? Fifty per cent of India’s population are poverty-stricken: whose report?

0
583

দেশত ভয়াৱহ অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হৈছে৷ তাৰ ছবিখন স্পষ্ট হৈছে World Inequality Lab-ৰ প্ৰকাশ পোৱা শেহতীয়া প্ৰতিবেদনখনত৷ ফ্ৰান্সৰ প্ৰখ্যাত অৰ্থনীতিবিদে প্ৰস্তুত কৰা উক্ত প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত ধনী লোকৰ বিপৰীতে জনগণৰ ৫০ শতাংশই হৈছে ডাল-দৰিদ্ৰ৷ ভাৰত এক দৰিদ্ৰ দেশত পৰিণত হৈছে৷ দেশৰ জনগণৰ পঞ্চাশ শতাংশই দৰিদ্ৰ৷ এই দৰিদ্ৰ জনতাৰ হাতত ৰাষ্ট্ৰীয় আয়ৰ সামান্যখিনিও নাই৷ আনহাতে দেশৰ ৰাষ্ট্ৰীয় আয়ৰ এক পঞ্চমাংশ কুক্ষগত হৈছে মাত্ৰ এক শতাংশ ধনী লোকৰ হাতত৷ প্ৰতিবেদনখনৰ মতে ভাৰতীয়ৰ গড় সম্পদৰ মূল্য ৯৮৩০১০ টকা৷ কিন্তু দৰিদ্ৰ ৫০ শতাংশই এই ক্ষেত্ৰত একেবাৰে দৰিদ্ৰ৷ ইয়াৰ তুলনাত মধ্যবিত্ত শ্ৰেণীও আৰ্থিকভাৱে অতি দুৰ্বল৷ দেশৰ মধ্যবিত্তৰ হাতত আছে ২৯.৫ শতাংশ সম্পত্তি৷ ভাৰতৰ অৰ্থনৈতিক বৈষম্য অতি ভয়াৱহ বুলি উল্লেখ কৰি প্ৰতিবেদনখনত কোৱা হৈছে যে এই অৰ্থনৈতিক বৈষম্যই সময়ত অধিক জটিল ৰূপ ল’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here