৫০০ দুষ্প্ৰাপ্য প্ৰজাতিৰ পাইলট হোৱেলৰ মৃত্যু : ক’ত ?

0
145

নিউজিলেণ্ডৰ চৰকাৰে কয় যে নিউজিলেণ্ডৰ দুৰ্গম চাথাম দ্বীপপুঞ্জত প্ৰায় ৫০০ পাইলট হোৱেলৰ [এবিধ তিমি] মৃত্যু হয়৷ শ শ পাইলট হোৱেল সাগৰৰ পাৰলৈ আহে আৰু বালিত আবদ্ধ হৈ পৰে৷ জলৰাশিত শ্বাৰ্ক থকাৰ কাৰণে উদ্ধাৰ অভিযান নচলাবলৈ চৰকাৰে সিদ্ধান্ত লৈছে৷ দেশখনৰ চাথাম দ্বীপত ২৫০টা আৰু কালি পিট আইলেণ্ডত ২৪০টা পাইলট হোৱেলক মৃত অৱস্থাত পোৱা হয়৷ যিবিলাক হোৱেল জীয়াই আছে সেইবোৰক সাগৰলৈ ঘূৰাই পঠিয়াবলৈ প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ দলে চেষ্টা চলাইছে৷ কিন্তু মানুহ আৰু হোৱেল উভয়ৰ বাবে শ্বাৰ্কৰ আক্ৰমণৰ বিপদৰ কাৰণে বিশেষ সফলতা লাভ কৰিব পৰা নাই৷ তদুপৰি দ্বীপ দুটা নিউজিলেণ্ডৰ মূল ভূখণ্ডৰ পৰা বহু নিলগত অৱস্থিত ৷ সেয়ে উদ্ধাৰ অভিযান চলোৱাটো সম্ভৱ নহয়৷ মৃত পাইলট হোৱেলবোৰ বালিতে প্ৰাকৃতিকভাৱে উৱলি যাবলৈ দিয়া হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here