৪২ লাখতকৈ অধিক টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ ঃ ক’ত ?

0
136

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’লৱেৰ জৰিয়তে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক আৰু আকস্মিক অভিযান অব্যাহত ৰাখিছে৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই  জানিবলৈ দিয়া মতে, যোৱা ৪ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে চলোৱা পাঁচদিনীয়া অভিযান কালত ৰে’লৱে সুৰক্ষা বাহিনীয়ে আগৰতলা, ধৰ্মনগৰ, নিউ বঙাইগাঁও, কাটিহাৰ আৰু নিউ তিনিচুকীয়া ৰে’ল ষ্টেছনত  প্ৰায় ৪২.৪ লাখ টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়৷ অভিযানৰ সময়ত অভিযানকাৰী দলসমূহে মুঠ ২২৪ কিল’গ্ৰাম ওজনৰ মুঠ ১১০ পেকেট গাজা উদ্ধাৰ কৰে৷ যাৰ মূল্য প্ৰায় ২২.৪ লাখ টকা আৰু লগতে প্ৰায় ৩১২.৬৭ গ্ৰাম ওজনৰ ব্ৰাউন ছুগাৰৰ ২৪টা চাবোন কেছ উদ্ধাৰ কৰে যাৰ দান প্ৰায় ২০ লাখ টকা৷ এই সন্দৰ্ভত ছয়জন লোকক কৰায়ত্ত কৰা হয়৷ জব্দ কৰা সামগ্ৰীৰ সৈতে কৰায়ত্ত লোকসকলক পাছত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট ৰে’ল ষ্টেছনৰ চৰকাৰী ৰে’লৱে আৰক্ষী থানাত গতাই দিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here