২৯৯টা বিলুপ্তপ্ৰায় কাছ এৰি দিলে পবিতৰা অভয়াৰণ্যত

0
344

২৯৯টা বিলুপ্তপ্ৰায় কাছ
এৰি দিলে পবিতৰা অভয়াৰণ্যত

গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেছনত ৫ ফেব্ৰুৱাৰীত উজনিমুৱা ৰে’লত ৰে’লৱে সুৰক্ষা বাহিনীয়ে বেগত উদ্ধাৰ কৰা ২৯৯টা বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছ যোৱা আঠ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী পবিতৰা অভয়াৰণ্যৰ ভিতৰৰ পাগলাডুবি বিলত এৰি দিযা হয়৷ এই সন্দৰ্ভত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ’ ৰোহিণী শইকীয়াই জানিবলৈ দিয়া মতে, ৫ ফেব্ৰুৱাৰীত ৰে’লৱে সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰা কাছখিনি এটা বনকৰ্মীৰ দলে পৰ্যবেক্ষণ আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত গতাই দিছিল৷ তাত তিনিদিন কাছকেইটা পৰ্যবেক্ষণ কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশ আৰু বন বিভাগৰ মুখ্য বন্যপ্ৰাণী অধীক্ষকৰ অনুমোদনক্ৰমে বিভাগীয় নিয়মানুসাৰে বিলৰ পানীত এৰি দিয়া হয়৷ ইণ্ডিয়ান ফ্লেপশ্বিপ টাৰ্টুল নামেৰে পৰিচিত এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছ অসমৰ বিভিন্ন নদী, বিলকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত পোৱা যায়৷ কিন্তু সিদিনাখন কোনে কি উদেশ্যত ক’ৰ পৰা ক’লৈ কাছসমূহ নিছিল তাক জানিব পৰা হোৱা নাই বুলি আব্দুল ৰছিদে জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here