২০২১-২২ গ্ল’বেল মেয়ৰ্ছ চেলেঞ্জৰ বিজয়ী ৰুৰকেল্লা

0
1470

ভাৰতৰ ঔদ্যোগিক মহানগৰ ৰুৰকেল্লাই ১৩খন দেশৰ ১৫ বিজয়ীৰ সৈতে এক সন্মানীয় বিশ্বজোৰা উদ্ভাৱনীমূলক প্ৰতিযোগিতাত বিজয়ী হৈছে৷ ব্লুমবাৰ্গ ফিলানথ্ৰজিজে ২০২১-২২ চনৰ গ্ল’বেল মেয়ৰ্ছ চেলেঞ্জৰ বিজয়ী মহানগৰসমূহৰ নাম ঘোষণা কৰে৷ এই প্ৰতিযোগিতাত ৯৯খন দেশৰ ৬৩১খন মহানগৰে যোগদান কৰিছিল৷ ব্লুমবাৰ্গৰ বিবৃতিত কোৱা হৈছে যে মহিলা খাদ্য বিক্ৰেতাৰ সবলীকৰণৰ বাবে মহিলা সমবায়ক ক’ল্ড ষ্ট’ৰেজ যোগান ধৰা, খাদ্যৰ অপচয় হ্ৰাস কৰা আৰু সজীৱ খাদ্য পোৱাৰ ব্যৱস্থা বৃদ্ধি কৰাৰ বাবে ওড়িষাৰ ৰুৰকেল্লাক এটা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ বিজয়ী আনবোৰ মহানগৰ হৈছে আমান (জৰ্ডান), বগ’টা (কলম্বিয়া), বুটুৱামে (ফিলিপাইন), ফ্ৰীটাউন (ছিয়েৰা লিয়ন), হাৰম’ছিল্ল’ (মেস্কিকো), ইষ্টানবুল (তুৰস্ক), কিগালি (ৰুৱাণ্ডা), কুমাছি (ঘানা), পেটাৰছন (আমেৰিকা), ফনিক্স (আমেৰিকা), ৰচেষ্টাৰ (আমেৰিকা), ৰটাৰডাম (নেডাৰলেণ্ড), ভিলনিয়াছ (লিথুৱানিয়া) আৰু ৱেলিংটন (নিউজিলেণ্ড)

LEAVE A REPLY

Please enter your comment!
Please enter your name here