১৯খন দেশলৈ বিয়পিল মাংকি পক্স

0
506

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-ই প্ৰকাশ কৰিছে যে মাংকি পক্স ভাইৰাছ ১৯খন দেশলৈ বিয়পিছে৷ এতিয়ালৈকে ১৩১জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে আৰু আন ১০৬জন লোকৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে৷ 
উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰিছে যে সমকামিতাৰ জৰিয়তে এতিয়া ইউৰোপত মাংকি পক্সে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ সমকামী পুৰুষৰ জৰিয়তে এইবিধ ৰোগ সংক্ৰমিত হৈছে বুলি কোৱা হৈছে৷ 
বিশেষকৈ ৰেভ পাৰ্টিৰ সময়ত তাৰ পৰাই স্পেইন আৰু বেলজিয়ামৰ দৰে দেশত মাংকি পক্স অধিক সংক্ৰমণ হয়৷ স্বাভাৱিকতে ব্ৰিটে×ইন আৰু ইউৰোপত সমকামিতাই এতিয়া মাংকি পক্সৰ প্ৰাদুৰ্ভাৱৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here