১৪ বছৰৰ পাছত বিশ্বত ঘেঁহুৰ মূল্য সৰ্বাধিক

0
231

বিশ্বত ১৪ বছৰৰ পাছত ঘেঁহুৰ মূল্যই অভিলেখৰ সৃষ্টি কৰিছে৷ সম্প্ৰতি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলতে এইদৰে বিশ্বতে ঘেঁহুৰ মূল্যই অভিলেখ ৰচি সৰ্বস্তৰত উপনীত হৈছে৷ ইয়াৰ ফলত অকল ৰুটীৰ ওপৰত নিৰ্ভৰ কৰি চলা দেশসমূহৰ মাজত যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব৷ 
উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলত কৃষ্ণসাগৰ বন্দৰৰ পৰা ঘেঁহুৰ যোগান বন্ধ হৈছে৷ ইয়াৰ ফলত ঘেঁহুৰ মূল্য ৪৩ শতাংশপৰ্যন্ত বৃদ্ধি পাইছে৷ 
উল্লেখ কৰাৰ প্ৰয়োজন যে সমগ্ৰ বিশ্বৰ ভিতৰত ৩০ শতাংশ ঘেঁহুৱেই ৰাছিয়া আৰু ইউক্ৰেইনে ৰপ্তানি কৰে৷ দুয়োখন দেশৰ মাজৰ চলা যুদ্ধৰ ফলত অন্য দেশলৈ ঘেঁহুৰ যোগান বন্ধ হৈ পৰিছে৷ এনে পৰিস্থিতিত অকল ঘেঁহুৰ ওপৰত নিৰ্ভৰশীল কেইবাখনো দেশলৈ সংকট নামি আহিছে৷ 
ৱল্ডৰ্ ফুড প্ৰগ্ৰেমৰ মুখপাত্ৰ জুলি মাৰ্ছেলে শংকা ব্যক্ত কৰিছে যে দুয়ো দেশৰ মাজত যুদ্ধ অব্যাহত থাকিলে মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ কেইবাখনো দেশত খাদ্য সংকটে দেখা দি ক্ষুধাতুৰৰ সংখ্যা বৃদ্ধি কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here