১১ মাৰ্চৰ পাছত ক’ভিডক সাধাৰণ ৰোগ হিচাপে গণ্য কৰা হ’ব

0
714

যোৱা প্ৰায় দুটা বছৰে সমগ্ৰ বিশ্বই ক’ভিডৰ সংক্ৰমণত ত্ৰস্তমান হৈ পৰিছে৷ বিশ্বৰ অৰ্থনীতি থৰক-বৰক হৈছে৷ কিমান নিৰীহ লোকে ক’ভিডত প্ৰাণ হেৰুৱাইছে, কিমান সন্তান নিঠৰুৱা হৈছে, কিমান পৰিয়াল মুৰব্বীহীন হৈ পৰিছে, কৰ্মহীন হৈ লাখ লাখ লোক নিবনুৱা হৈ পৰিছে– তাৰ সীমা-সংখ্যা নাই৷ মুঠতে ক’ভিডক লৈ এক আৰ্তনাদ সমগ্ৰ বিশ্বতে৷ ইমানৰ পাছতে এক খবৰে আশাৰ সঞ্চাৰ কৰিছে৷ শেহতীয়াকৈ ক’ভিডৰ বিদায় দিয়াৰ যেন সময় সমাগত৷ কিয়নো ১১ মাৰ্চৰ পাছত ক’ভিডক সাধাৰণ বেমাৰ হিচাপে গণ্য কৰা হ’ব৷ ইণ্ডিয়ান কাউন্সিল অব্‌ মেডিকেল ৰিছাৰ্চ চমুকৈ আই চি এম আৰে প্ৰকাশ কৰিছে যে অহা ১১ মাৰ্চৰ পৰা ক’ভিডত আক্ৰান্ত লোকক সাধাৰণ ৰোগী হিচাপে গণ্য কৰা হ’ব৷ আনহাতে ব্ৰিটেইন চৰকাৰে ক’ভিডক লৈ কিছু নতুন নিৰ্দেশনা জাৰি কৰিছে৷ ক’ভিড নিৰ্দেশনা যথেষ্ট শিথিল কৰি এতিয়াৰে পৰা ব্ৰিটেইনত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহয় বুলি ঘোষণা কৰিছে৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ বেকাৰে ক’ভিডক আনুষ্ঠানিকভাৱে বিদায় দি ক’ভিডৰ সকলো ধৰণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে৷ ব্ৰিটেইনত এতিয়াৰে পৰা ক’ভিডক সাধাৰণ চৰ্দি, কাহ হিচাপে গণ্য কৰা হ’ব৷ একেদৰে স্পেইনেও ক’ভিডৰ বাবে দিয়া সকলোধৰণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে৷ আনহাতে জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই বৰ্তমান ৰাজ্যত ক’ভিডৰ সংক্ৰমণ দ্ৰুত যদিও ভয়াৱহ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ ইয়াৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াভাৱে ঘোষণা কৰিছে যে ক’ভিডৰ সংক্ৰমণৰ কাৰণে লকডাউন দিয়া নহয়৷ ইতিমধ্যে ক’ভিডৰ নতুন নতুন প্ৰজাতিৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে জনসাধাৰণৰ জীৱন-জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা ক’ভিডৰ এই সিদ্ধান্তই ইতিবাচক হিচাপে বিবেচিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here