১০০ বছৰৰ পাছত ‘লিপ্‌ষ্টিক প্লেণ্ট’ পুনৰ আৱিষ্কাৰ : ক’ত ?

0
299

বটানিকেল ছাৰ্ভে অব্‌ ইণ্ডিয়া চমুকৈ বি এছ আইৰ গৱেষকসকলে অৰুণাচল প্ৰদেশৰ দুৰ্গম আন্‌জাও জিলাত এশ বছৰৰো অধিক কালৰ পাছত এবিধ বিৰল উদ্ভিদ পুনৰ আৱিষ্কাৰ কৰিছে৷ এই উদ্ভিদক ‘ইণ্ডিয়ান লিপষ্টিক প্লেণ্ট’ বুলিও কোৱা হয়৷ এইবিধ উদ্ভিদ [এস্কিনানথাছ মনেটাৰিয়া ডুন] ১৯১২ চনত প্ৰথমতে চিনাক্ত কৰিছিল ব্ৰিটিছ উদ্ভিদবিদ ষ্টিফেন ট্ৰইটে ডুনে৷ 
আইজাক হেনৰি বুৰ্কিল নামৰ আন এজন ইংৰাজ উদ্ভিদবিদে অৰুণাচল প্ৰদেশৰ পৰা সংগ্ৰহ কৰা উদ্ভিদবিধৰ কিছুমান নমুনাৰ ভিত্তিত ডুনে এই উদ্ভিদ চিনাক্ত কৰিছিল৷ কাৰেণ্ট ছায়েন্স নামৰ আলোচনীখনত লেখা এটা প্ৰবন্ধত বি এছ আইৰ বিজ্ঞানী কৃষ্ণ চৌলুৱে কয় যে দেখাত টিউবুলাৰ ৰে’ড কৰলাৰ দৰে হোৱাৰ বাবে এস্কিনানথাছ বৰ্গৰ কিছুমান প্ৰজাতিক লিপষ্টিক প্লেণ্ট বুলি কোৱা হয়৷ 
২০২১ চনৰ ডিচেম্বৰত তেওঁ অৰুণাচলৰ আনজাও জিলাৰ হুলিয়াং চিপ্ৰুৰ পৰা কেইটামান নমুনা সংগ্ৰহ কৰিছিল৷ ১৯১২ চনত বুৰ্কিলে ভাৰতৰ পৰা সংগ্ৰহ কৰাৰ পাছৰ পৰা এইবিধ উদ্ভিদ ভাৰতত কেতিয়াও পোৱা হোৱা নাছিল৷ ৫৪৩ মিটাৰৰ পৰা ১১৩৪ মিটাৰ উচ্চতাত এই উদ্ভিদ গজে৷ অক্টোবৰৰ পৰা জানুৱাৰীৰ ভিতৰত ফুল ফুলে৷ এইবিধ উদ্ভিদ বিপন্ন বুলি অস্থায়ী বা সাময়িকভাৱে মূল্যায়ন কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here