হ্ৰাস পাব নতুন ৩৪বিধ জীৱনদায়িনী ঔষধৰ দাম

0
804

কৰ্কটৰ চিকিৎসা আৰু উপশামক সেৱা [পেলিয়েটিভ], স্নায়ৱিক ৰোগ, মধুমেহ, যক্ষ্মা আৰু হৃদৰোগৰ দৰবকে ধৰি জীৱনৰক্ষক [লাইফ ছেভিং] বহু দৰবৰ দাম আগতকৈ সস্তা হ’ব৷ এনে বহু দৰব অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকাত [এন এল ই এম] অন্তৰ্ভুক্ত হৈছে৷ কেন্দ্ৰীয় চৰকাৰে ৩৮৪টা তেনে গুৰুত্বপূৰ্ণ জীৱনৰক্ষক দৰবৰ জাননী জাৰি কৰিছে, যিবোৰক দাম নিয়ন্ত্ৰণৰ অধীনলৈ অনা হৈছে৷ এই দৰববোৰৰ দাম নিয়ন্ত্ৰণ কৰে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে [এন পি পি এ]৷ ১২ নৱেম্বৰত জাননী জাৰি কৰা এই সংশোধিত তালিকাৰ পাছত চৰকাৰী, বেচৰকাৰী সকলো চিকিৎসালয়ে এই দৰববোৰ বৃহৎ পৰিমাণে মজুত ৰাখিব লাগিব৷ 
এই তালিকাত ৩৪বিধ নতুন দৰব যোগ দিয়া হৈছে৷ এই তালিকাত বেণ্ডামাষ্টিন হাইড্ৰ’ক্লৰাইড, ইৰিন’টিকেন এইচ চি আই ট্ৰাইহাইড্ৰেট, লিনালিড’মাইড আৰু লিউপ্ৰলাইডৰ দৰে কৰ্কট ৰোগৰ অধিক দৰব অন্তৰ্ভুক্ত কৰা হৈছে৷ আনহাতে, ৰেনিটিডিন, এটেন’লল আৰু মিথাইলড’পাকে ধৰি ৪ বিধ দৰব তালিকাৰ পৰা আঁতৰোৱা হৈছে৷ ছেপ্টেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাৱিয়াই ঘোষণা কৰিছিল যে চৰকাৰে অত্যাৱশ্যকীয় ঔষধৰ তালিকা সংশোধনৰ কাম তথা সেইবোৰক দাম নিয়ন্ত্ৰণৰ অধীনলৈ অনাৰ কাম কৰি আছে৷ উল্লেখযোগ্য যে শেষৰবাৰ ৩৭৬টা দৰবেৰে এই তালিকা সংশোধন কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here