হিমগ্ল’বিনৰ পৰিমাণ বঢ়াবলৈ কেনেধৰণৰ খাদ্য খাব ?

0
326

মানৱ দেহত সঠিক পৰিমাণৰ হিমগ্ল’বিন থকাটো বাঞ্ছনীয়৷ ইয়াৰ অন্যথা শৰীৰত বিভিন্ন উপসৰ্গই দেখা দিব পাৰে৷ শৰীৰত হিমগ্ল’বিনৰ পৰিমান হ্ৰাস পালে দুৰ্বলতা, অৱসাদ, শ্বাস-প্ৰশ্বাসৰ সমস্যা আদি নানা উপসৰ্গই দেখা দিয়ে৷ হিমগ্ল’বিনে শৰীৰত অক্সিজেন বহন কৰে৷ শৰীৰত হিমগ্ল’বিন পৰিমাণ অটুট ৰাখিবলৈ বা বঢ়াবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব জানো আহক৷

শৰীৰত আইৰনৰ অভাৱত বাবে হিমগ্ল’বিনৰ পৰিমাণ হ্ৰাস পায়৷ সেইবাবে সতেজ শাক-পাচলি খাদ্য তালিকাত ৰখাটো অতি আৱশ্যক৷ ইয়াৰ ভিতৰত পালেং শাক, বিট, খেজুৰ, আপেল, ডালিম, তৰমুজ, খিচমিচ, আমলখি, কোমোৰা আদি নিয়মিতভাৱে গ্ৰহণ কৰিলে শৰীৰত হিমগ্ল’বিনৰ পৰিমাণ অটুট থাকে৷
আইৰনৰ লগতে ভিটামিন-চি সমৃদ্ধ খাদ্য যেনে– নেমু, কমলা, জামু, ব্ৰকলি, বিলাহী, অমিতা আদি খাদ্য যথেষ্ট পৰিমাণে সেৱন কৰাটো জৰুৰী৷ কিয়নো ভিটামিন-চিযুক্ত খাদ্যই হিমগ্ল’বিন পৰিমাণ বঢ়াই দিয়ে৷
লোহিত ৰক্তকণিকা সৃষ্টিৰ বাবে ফলিক এচিডৰ প্ৰয়োজন৷ আনহাতে ফলিক এচিডত ভিটামিন-বি কমপ্লেক্স পোৱা যায়৷ সেয়েহে ফলিক এচিডযুক্ত খাদ্য যেনে– গোমধান, বাদাম, মুৰ্গীৰ মাংস, সেউজীয়া শাক-পাচলি, শুকান ফল আদি যথেষ্ট পৰিমাণে খাব লাগে৷ এইবোৰ খাদ্যদ্ৰব্যই শৰীৰত হিমগ্ল’বিনৰ অভাৱ পূৰ কৰে৷
যিসকলৰ শৰীৰত হিমগ্ল’বিনৰ অভাৱ হয়, তেওঁলোকক চিকিৎসকে প্ৰতিদিনে এটাকৈ আপেল খোৱাৰ পৰামৰ্শ দিয়ে৷ কিয়নো আপেলত প্ৰচুৰ পৰিমাণে আইৰন থাকে৷ ঠিক একেদৰে ডালিম, বিট আদিত আইৰনৰ উপৰি কেলচিয়াম, ফাইবাৰ, প্ৰ’টিন আদিও যথেষ্ট পৰিমাণে থাকে, যিয়ে হিমগ্ল’বিনৰ পৰিমাণ বঢ়াই দিয়ে৷
খাদ্য প্ৰণালীৰ উপৰি নিয়মীয়াকৈ শাৰীৰিক শ্ৰম বিশেষকৈ ব্যায়াম কৰাটো অত্যন্ত প্ৰয়োজন৷ ব্যায়ামে শৰীৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাত অৰিহণা যোগায়, যিয়ে শৰীৰ নিৰোগী কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here