হাতী-মানুহৰ সংঘাত ৰোধত মৌ-মাখি হ’ব প্ৰহৰী (The honey bee will prevent man-elephant conflict )

0
458
ওড়িষা চৰকাৰে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে তথা মানুহৰ বসতিস্থলত হাতী অনাই-বনাই ঘূৰি ফুৰাটো ৰোধ কৰিবলৈ মৌ-মাখি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে৷ বন বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা জনায়৷ বন বিভাগৰ প্ৰধান মুখ্য সংৰক্ষক শশী পালে জনায় যে RE-HAB (Reducing Elephant – Human Attacks using Bees) প্ৰকল্প প্ৰথম পৰ্যায়ত অনুগুল জিলাৰ অথ্‌মল্লিক বন সংমণ্ডলত আৰম্ভ হ’ব৷ তেওঁ কয় যে মানুহৰ বসতিস্থলত প্ৰৱেশ কৰিবলৈ হাতীয়ে সাধাৰণতে ব্যৱহাৰ কৰা পথ আৰু অৰণ্যৰ বহিঃসীমাত কৌশলীভাৱে মৌ-মাখিৰ বাকচবোৰ ৰখা হ’ব৷ বাকচবোৰৰ সৈতে সংলগ্ন কৰা হ’ব এডাল তাঁৰ৷ যেতিয়া হাতীবোৰ সেই বাটবোৰেৰে আগবাঢ়িব আৰু তাঁৰবোৰত খুন্দা খাব, তেতিয়া মৌ-মাখিবোৰে আক্ৰমণ কৰি হাতীবোৰ ওভতাই অৰণ্যলৈ পঠাব৷ হাতী-মানুহৰ সংঘাতত যথেষ্ট হাতী আৰু মানুহৰ মৃত্যু হোৱাৰ কথা চিন্তা কৰিয়েই বন আৰু পৰিৱেশ বিভাগ তথা খাদী আৰু গ্ৰামোদ্যোগ আয়োগে যুটীয়াভাৱে লোৱা এই প্ৰকল্পৰ জন্ম হয়৷ ৰাজ্যখনত যোৱা এটা দশকত হাতীৰ আক্ৰমণত ৯০ গৰাকীতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে যোৱা ৩ বছৰতে ২৮২টা হাতীৰ চোৰাং চিকাৰকে ধৰি বিভিন্ন কাৰণত মৃত্যু হৈছে৷ আনহাতে মানুহৰ বসতিস্থলত উপদ্ৰৱ চলাই ঘূৰি ফুৰা হাতীৰ শৰীৰত ৰেডিঅ’ কলাৰ সংযোগ কৰাৰ পৰিকল্পনা প্ৰশাসনে কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here