স্বীকৃতি ! ক’ভিড ট্ৰেকাৰ উদ্ভাৱন কৰা বিজ্ঞানীলৈ লেস্কাৰ বঁটা

0
692

সমগ্ৰ পৃথিৱীত ক’ভিড-১৯১ সংক্ৰমণৰ গতি-বিধি নিৰীক্ষণ কৰিবলৈ এটা ৱেবছাইট সৃষ্টি কৰা আমেৰিকাৰ জনছ হপকিন্‌ছ ইউনিভাৰ্ছিটিৰ এগৰাকী বিজ্ঞানীলৈ ৰাজহুৱা সেৱাৰ বাবে এই বছৰৰ লেস্কাৰ বঁটা আগবঢ়োৱা হৈছে৷ এলবাৰ্ট এণ্ড মেৰি লেস্কাৰ ফাউণ্ডেশ্যনে ২,৫০,০০০ ডলাৰৰ [২ কোটি ৩ লাখ ৭৭ হাজাৰ টকা] এই বঁটা ঘোষণা কৰে৷ এই বছৰৰ বাবে বঁটা লাভ কৰিছে উল্লিখিত বিশ্ববিদ্যালয়খনৰ অভিযন্তা লৰেন গাৰ্ডনাৰে৷ ২০২০ চনৰ জানুৱাৰীত পৃথিৱীত কৰ’না ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰাৰ লগে লগে গাৰ্ডনাৰে তেওঁৰ গৱেষণাগাৰৰ দলটোৰ সৈতে ক’ভিড-১৯ ট্ৰেকাৰ উদ্ভাৱন কৰিছিল৷ তাৰ ফলত সমগ্ৰ পৃথিৱীত ক’ভিড-১৯১ সংক্ৰমণ, মৃত্যু হোৱা লোকৰ সংখ্যা, ভেক্‌চিন আৰু আন বহু তথ্য পোৱা সহজ হৈছিল৷ তেওঁৰ টীমটোৱে ক’ভিড ট্ৰেকাৰ জনসাধাৰণে বিনামূলীয়াকৈ পোৱাটো সহজ কৰিছিল৷ আনহাতে চিকিৎস্য গৱেষণাৰ বঁটা আগবঢ়োৱা হৈছে চাইনীজ ইউনিভাৰ্ছিটি অব্‌ হংকঙৰ এজন মলিকুলাৰ বায়’লজিষ্ট য়ুক মিং ডেনিছ ল’লৈ৷ মাতৃগৰ্ভত থকা শিশুৰ তেজ পৰীক্ষা কৰিব পৰাৰ এটা পদ্ধতি তেওঁ উদ্ভাৱন কৰিছিল৷ মৌলিক গৱেষণাৰ বাবে বঁটা লাভ কৰিছে আমেৰিকাৰ তিনিখন বিশ্ববিদ্যালয়ৰ তিনিজন বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here