স্বচ্ছ ভাৰত অভিযানে দুখীয়াসকলক মৰ্যাদাৰে জীয়াই থকাৰ সুযোগ দিছে ঃ মোদী

0
278

জনতাকেন্দ্ৰিক প্ৰশাসন আৰু সুপ্ৰশাসনৰ বাবে অবিৰত প্ৰচেষ্টা হৈছে কেন্দ্ৰত যোৱা আঠ বছৰ শাসন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰামাণিক চিন৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিত্ত আৰু কৰ্প’ৰেট মন্ত্ৰ্যালয়ৰ ‘আইকনিক উইক চেলিেব্ৰশ্যন’ উদ্বোধন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়৷ 
তেওঁ কয় যে দেশে অতীতত চৰকাৰকেন্দ্ৰিক প্ৰশাসনৰ দুৰ্দশা ভুগিবলগীয়া হৈছিল৷ কিন্তু সম্প্ৰতি ২১ শতিকাত ভাৰত জনতাকেন্দ্ৰিক পদক্ষেপেৰে আগবাঢ়িছে৷ 
এই অনুষ্ঠানত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনো উপস্থিত আছিল৷ এই অনুষ্ঠানত মোদীয়ে ‘দৃষ্টি শক্তি নথকা লোকৰ বাবেও সুচল এলানি মুদ্ৰাৰ শুভাৰম্ভণি কৰে৷ এটকীয়া, দুটকীয়া, ৫ টকীয়া, ১০ টকীয়া আৰু ২০ টকীয়া– এই মুদ্ৰাসমূহত ‘আজাদী  কা অমৃত মহোৎসৱ’ৰ ডিজাইন থাকিব৷ এইবোৰ স্মাৰক মুদ্ৰা নহয়, প্ৰচলন হ’ব৷ 
মোদীয়ে এই অনুষ্ঠানতে ১২খন চৰকাৰী আঁচনিৰ ক্ৰেডিট লিংক পৰ্টেল ‘জনসমৰ্থ পৰ্টেল’ও উদ্বোধন কৰে৷ তেওঁ কয় যে যোৱা আঠ বছৰত ভাৰতে বিভিন্ন মাত্ৰাত কাম কৰিছে৷ এই সময়ছোৱাত বৃদ্ধি পোৱা ৰাইজৰ অংশগ্ৰহণে দেশৰ উন্নয়নত উদগনি জনাইছে আৰু দেশৰ দৰিদ্ৰতম নাগৰিকক সবল কৰিছে৷ 
মোদীয়ে আৰু কয় যে স্বচ্ছ ভাৰত অভিযানে দুখীয়াসকলক মৰ্যাদাৰে জীয়াই থকাৰ সুযোগ দিছে৷ পকা ঘৰ, বিদ্যুৎ, গেছ, পানী আৰু বিনামূলীয়া চিকিৎসাৰ দৰে সা-সুবিধাই দুখীয়াৰ মৰ্যাদা বৃদ্ধি কৰিছে৷ মোদীয়ে আৰু কয় যে যোৱা আঠ বছৰত দেশে যি সংস্কাৰ সাধিছে, তাত দেশৰ তৰুণসকলক তেওঁলোকৰ সুপ্ত প্ৰতিভা প্ৰদৰ্শনত অগ্ৰাধিকাৰ দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here