স্পাইচজেটৰ কম্পিউটাৰ ছিষ্টেমত ৰেনছম্‌ৱেৰ ভাইৰাছৰ আক্ৰমণ

0
390

স্পাইচজেট এয়াৰলাইনৰ কম্পিউটাৰ ছিষ্টেমত ৰেনছম্‌ৱেৰ ভাইৰাছৰ এটেকৰ কাৰণে ২৫ মে’ৰ পুৱা বিভিন্ন বিমান বন্দৰত স্পাইচজেটৰ ভালেমান বিমানৰ উৰণত পলম হয় আৰু ভালেমান বিমান বাতিল কৰা হয়৷ ফলত বিমান বন্দৰবোৰত শ শ যাত্ৰী আবদ্ধ হৈ পৰে৷ এয়াৰলাইনটোৱে পাছত কয় যে তেওঁলোকৰ তথ্য-প্ৰযুক্তি টীমে সমস্যাটো সমাধান কৰিলে আৰু এতিয়া বিমানৰ চলাচল নিয়মীয়া হৈছে৷ 
এজন যাত্ৰীয়ে এটা ভিডিঅ’ টুইট কৰে আৰু কয় যে যাত্ৰীসকল প্ৰায় ৪ ঘণ্টা বিমানতে আবদ্ধ হৈ আছে৷ তেওঁলোকক পুৱাৰ আহাৰ দিয়া হোৱা নাই আৰু একো জনোৱাও নাই৷ এটা বিবৃতিত এয়াৰলাইনটোৱে কয় যে স্পাইচজেটৰ কিছুমান ছিষ্টেমত ৰেনছম্‌ৱেৰৰ এটেকৰ প্ৰচেষ্টা চলোৱা হৈছিল আৰু তাৰ ফলত বিমান চলাচলত প্ৰভাৱ পৰিছে৷ 
বিবৃতিটোত কোৱা হয় যে স্পাইচজেটৰ আই টি টীমে পৰিস্থিতি যথেষ্ট নিয়ন্ত্ৰণ কৰে আৰু সমস্যাটো সমাধান কৰে৷ বিজুতিৰ ফলত বিমান চলাচলত বিলম্ব হয়৷ নিশা অৱতৰণৰ ক্ষেত্ৰত বাধা-নিষেধ থকা বিমান বন্দৰবোৰলৈ যাবলগীয়া কিছুমান বিমান বাতিল কৰা হৈছে৷ তাৰ আগতে দিনটোৰ আগভাগত এয়াৰলাইনটোৱে কৈছিল যে ৰেনছম্‌ৱেৰৰ এটেকৰ কাৰণে পুৱাৰ বিমানবোৰৰ প্ৰস্থানত পলম হয় যদিও এয়াৰলাইনটোৰ আই টি টীমে পৰিস্থিতি আগৰ অৱস্থালৈ আনে আৰু বিমানৰ চলাচল নিয়মীয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here