সেউজ ইন্ধনৰ বৰ্ধিত ব্যৱহাৰৰ বাবে টাটা পাৱাৰৰ প্ৰচাৰ

0
689

গুৱাহাটীৰ এম এছ এম ইসমূহৰ মাজত সৌৰশক্তিধৰ চালৰ উপযোগিতাৰ বিনিময় আৰু সেউজ শক্তিৰ ব্যৱহাৰৰ বাবে দেশৰ অন্যতম বৃহৎ সংহত শক্তি প্ৰতিষ্ঠান টাটা পাৱাৰে সজাগতামূলক কৰ্মশালা অনুষ্ঠিত কৰে৷ এই কৰ্মশালাত এম এছ এম ই খণ্ডত সৌৰশক্তিৰ উপযোগিতাৰ বিষয়ে বৰ্ণনা কৰা হয়, অসমৰ সৌৰ এক্সিম মিটাৰিং পলিচীৰ বিষয়ে গভীৰ বুজাবুজি আৰু কেনেকৈ এই প্ৰসংগৰ জৰিয়তে লাভ আদায় কৰিব পাৰি, সেই বিষয়েও আলোচনা কৰা হয়৷ ৰাজ্য চৰকাৰৰ উদ্যোগৰ বাবে সৌৰশক্তি সংক্ৰান্তীয় নীতি আৰু গ্ৰাহকৰ বাবে টাটা পাৱাৰৰ সামগ্ৰী তথা সমাধানৰ বিষয়েও বিশদভাৱে চৰ্চা কৰা হয়৷ 
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সচিব ড॰ লক্ষ্মণ এছ৷ তেওঁ এম এছ এম ইৰ লাভৰ বাবে চৰকাৰী নীতিৰ বিষয়ে আলোকপাত কৰি কয় যে সৌৰ চালৰ দৰে বহনশীল শক্তিৰ বিকল্প ব্যৱহাৰৰ বাবে এম এছ এম ইক অনুপ্ৰাণিত কৰাৰ বাবে এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে৷ যাতে শক্তি সংৰক্ষণ আৰু ব্যৱহাৰ হ্ৰাস কৰিব পৰা যায়৷ সৌৰ চালৰ ব্যৱহাৰ আৰু বহনশীল শক্তিৰ ব্যৱহাৰৰ দিশত লক্ষ্যত উপনীত হ’বলৈ উদ্যোগক তেওঁলোকে বিভিন্ন তথ্য অৱগত কৰি যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here