সুখবৰ ! ভাৰতীয় পৰিৱেশত মিলা কৃত্ৰিম ভৰিৰ উদ্ভাৱন

0
397

ভাৰতীয় দিব্যাংগসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটীস্থিত আই আই টিয়ে৷ দেশৰ অন্যতম শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানখনৰ গৱেষকে ভাৰতীয়সকলৰ বাবে বিভিন্ন দিশত সুচল কৃত্ৰিম ভৰিৰ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ কম মূল্যৰ আৰু কম ওজনৰ এই কৃত্ৰিম ভৰি ভাৰতীয় দিব্যাংগৰ বাবে লাভজনক হোৱাৰ আশা কৰা হৈছে৷ 
লক্ষণীয় যে ভাৰতৰ দৰে অসমান স্থানত খোজ কাঢ়িবৰ বাবে আৰু ভৰি কোঁচাই বা ভৰিৰ ওপৰত ভৰি তুলি থ’বও পৰা যাব এই কৃত্ৰিম ভৰিৰে৷ ইয়াৰ উপৰি এই কৃত্ৰিম ভৰি বিভিন্ন বয়সৰ লোকে ব্যৱহাৰ কৰিব পৰাকৈ খাপ খুৱাব পৰাৰ ব্যৱস্থাও আছে৷ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষণ পৰ্যায়ত থকা এই কৃত্ৰিম ভৰি উদ্ভাৱন প্ৰকল্পটোৰ বাবে আই আই টি, গুৱাহাটীক কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ে পুঁজিৰ যোগান ধৰিছে৷ 
আই আই টিৰ জৈৱ-প্ৰযুক্তি বিভাগৰ এটা দলে এই কৃত্ৰিম ভৰিৰ গৱেষণা কৰিছে৷ আই আই টিক কেন্দ্ৰীয় চৰকাৰৰ উপৰি এই প্ৰকল্পত সহযোগিতা আগবঢ়াইছে গুৱাহাটীৰ ১৫১ সেনাৰ বেচ হস্পিটেল, তুলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়, জি এন আৰ চি [উত্তৰ গুৱাহাটী], শ্বিলঙৰ নীগ্ৰিমছে৷ উল্লেখ্য যে ভাৰতৰ বজাৰত সম্প্ৰতি উপলব্ধ অধিক সুবিধাযুক্ত কৃত্ৰিম ভৰিৰ মূল্য অধিক৷ 
তদুপৰি পশ্চিমীয়া দেশৰ প্ৰতিষ্ঠানে নিৰ্মাণ কৰা এই কৃত্ৰিম ভৰিবোৰ ভাৰতৰ দৰে স্থানত সাধাৰণতে থকা ভৰিৰ ওপৰত ভৰি তুলি বহা, শৌচালয়ত ভৰি কোঁচাই বহা বা বিভিন্ন কচৰৎ কৰিবলৈ সুচল নহয়৷ সেয়ে আই আই টিয়ে নিৰ্মাণ কৰা কৃত্ৰিম ভৰিত আঁঠু কোঁচাব পৰাৰ পৰা আৰম্ভ কৰি পানীগাঁঠি লৰচৰ কৰিব পৰাকে ধৰি বিভিন্ন সুবিধা সংযোজন কৰা বুলি গৱেষক দলৰ অন্যতম সদস্য তথা আই আই টি গুৱাহাটীৰ মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক এছ কানাগাৰাজে সদৰী কৰিছে৷ 
আনহাতে এই কৃত্ৰিম ভৰি আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন বুলি প্ৰকাশ কৰাৰ লগতে এই ভৰি ১০০ কেজি ওজনৰ মানুহলৈকে ভৰ বহন কৰিবলৈ সক্ষম হ’ব৷ পলিমাৰ, এলুমিনিয়াম আৰু ষ্টেইনলেছ ষ্টীলেৰে নিৰ্মাণ কৰা এই কৃত্ৰিম ভৰি ভাৰতীয় মূল্যত প্ৰায় ২৫ টকাত পোৱা যাব বুলিও জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here