সুখবৰ : উত্তৰ-পূবৰ ফল বিদেশলৈ ৰপ্তানি

0
205

শেহতীয়াভাৱে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি অসমত উৎপাদিত ফল-মূলৰ চাহিদা তথা জনপ্ৰিয়তা বিদেশত যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সেয়েহে অসমকে ধৰি উত্তৰ-পূবৰ পৰা বিদেশলৈ বিভিন্ন প্ৰকাৰৰ ফল বিদেশলৈ অধিক পৰিমাণে ৰপ্তানি হৈছে৷ তাৰ ভিতৰত মিজোৰামৰ আনাৰস, ড্ৰেগন ফ্ৰুট, অসমৰ লেতেকু, আম, কঁঠাল, মিজো আদা, আঙুৰ আদি বিভিন্ন প্ৰকাৰৰ ফল এপেডা নামৰ সংস্থাটোৱে বিদেশলৈ ৰপ্তানি কৰাৰ পদেক্ষপ গ্ৰহণ কৰিছে৷ অলপতে মিজোৰামত এই সংস্থাটোৱে ত্ৰেতা-বিক্ৰেতা এখন সন্মিলন অনুষ্ঠিত কৰে৷ উক্ত সন্মিলনত উত্তৰ-পূবৰ ৰাজ্যবোৰত উৎপাদিত সামগ্ৰী লণ্ডন, বাংলাদেশ আদি ৰাষ্ট্ৰলৈ ৰপ্তানিত গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য যে যোৱা কিছুদিন আগতে এপিডা নামৰ সংস্থাটোৱে মেঘালয়ৰ খাছিয়া কমলা ডুবাইলৈ ৰপ্তানি কৰিছিল৷ আনহাতে অসমত উৎপাদিত লিচু, কঁঠাল, ৰঙালাও আদিও বিদেশলৈ ৰপ্তানি কৰিছিল৷ উল্লেখ্য যে বিগত কিছু বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা ৰপ্তানিৰ হাৰ ৮৫ শতাংশ বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here