সুখবৰ ! অসমৰ পানীয় ‘সাজ’ শীঘ্ৰেই বিশ্বৰ বজাৰলৈ

0
275


ৰাজ্যবাসীৰ বাবে সুখবৰ৷ কিয়নো অসমৰ পানীয় সাজে আন্তঃৰাষ্ট্ৰীয়ভাৱে বিদেশৰ বজাৰ দখল কৰিবলৈ আগবাঢ়িছে৷ যোৰহাটৰ উদ্যোগী যুৱক আকাশজ্যোতি গগৈৰ আশাশুধীয়া প্ৰচেষ্টাত এতিয়া অসমৰ পানীয় সাজ বিশ্বৰ দৰবাৰত পদাৰ্পণ কৰাৰ সময় সমাগত৷ অশেষ চেষ্টা তথা কষ্টৰ ফলত অসমৰ পানীয়ই আজি বিশ্বমুখী যাত্ৰাৰ দিশত ধাৱমান হৈছে৷ বিগত ২০২২ চনত ছেপ্টেম্বৰ মাহত ৰাজ্যৰ বজাৰত আকাশজ্যোতিয়ে নৰ্থ ইষ্ট এগ্ৰো প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেজ থোৰতে নীপছৰ উদ্যোগত নতুন ব্ৰেণ্ড হিচাপে মুকলি কৰা হৈছিল সাজ৷ এই সাজবিধ মুকলিৰ লগে লগে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়৷ এতিয়া এই সাজ বিদেশৰ বজাৰ দখলৰ বাবে প্ৰেৰণৰ প্ৰস্তুতি চলোৱা হয়৷ দক্ষিণ পূব এছিয়াৰ বিভিন্ন দেশ যেনে চীন, জাপান আদিত এইধৰণৰ পৰম্পৰাগত পানীয় বা সুৰা আছে৷ আনহাতে জাপানে পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা ‘চাকে’ আমেৰিকা, লণ্ডন আদি দেশত অন্যন্ত জনপ্ৰিয় হৈ পৰে৷ সেয়ে এই চাকেৰ লেখীয়া অসমৰ সাজো ব্ৰেণ্ডিং কৰি বিদেশৰ বজাৰ দখলৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে৷ গগৈয়ে জনোৱা মতে প্ৰথম অৱস্থাত যোৰহাট জিলাৰ তিতাবৰৰ জালুকনিবাৰীৰ ঔদ্যোগিক পামত দুবিঘা মাটিত সাজৰ বাবে প্লাণ্ট খুলি উৎপাদনৰ কাম আৰম্ভ কৰে৷ প্ৰতি মাহত ৫০ হাজাৰ বটল সাজ প্ৰস্তুত কৰিব পৰা প্লাণ্টটোত বৰ্তমান মাহত ১২ হাজাৰ বটল সাজ প্ৰস্তুত কৰি থকা হৈছে৷ তেওঁ জনোৱা মতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, গুৰগাঁও, বেংগালুৰু আদিৰ পৰা সাজৰ বাবে অৰ্ডাৰ আহিছে৷ একেদৰে ছিংগাপুৰ, আমেৰিকা, ডুবাই, লণ্ডন আদিৰ পৰাও ডিমাণ্ড আহিছে বুলি উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here