সাৱধান ! শীতকালি ৰাতি মোজা পিন্ধি শোৱে নেকি ?

0
224

শীতকালৰ ৰাতি ঠাণ্ডাৰ পৰা বাচিবলৈ বহুতেই মোজা পিন্ধি শোৱে৷ গোটেই ৰাতি মোজা পিন্ধি শুলে যিমান আৰাম পোৱা যায়, এই অভ্যাসৰ ফলত শৰীৰত বেয়া প্ৰভাৱ পৰে৷ ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ মোজা পিন্ধি শোৱাৰ ফলত শৰীৰত কি বেয়া প্ৰভাৱ পৰে জানো আহক৷

শোৱাৰ সময়ত মোজা পিন্ধি শুলে তেজৰ চলাচলৰ বাধা পৰিব পাৰে৷ ফলত শৰীৰত তেজ জমা হৈ অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে৷
নাইলন বা ছালৰ বাবে অনুপযুক্ত কাপেৰেৰে তৈয়াৰী মোজা দীৰ্ঘ সময়ৰ বাবে ব্যৱহাৰ কৰিলে ছালৰ নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ এই ক্ষেত্ৰত কপাহী কাপেৰেৰে তৈয়াৰী মোজা ব্যৱহাৰ কৰা উচিত৷
আনহাতে কিছুসংখ্যক লোকে মোজা পিন্ধিলে খুব টাইট মোজা পৰিধান কৰা দেখা যায়৷ এনেদৰে জোৰকৈ মোজা পিন্ধাৰ ফলত শৰীৰৰ তাপমাত্ৰা বাঢ়ি যাব পাৰে৷ সেয়েহে শোৱাৰ সময়ত এনেধৰণৰ মোজা নিপিন্ধাই ভাল৷
ইয়াৰ পৰিৱৰ্তে ঠাণ্ডাৰ দিনত শোৱাৰ আগতে গৰম তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিব পাৰে৷ আনহাতে শোৱাৰ এঘণ্টামানৰ আগতে কপাহী মোজা পিন্ধিব পাৰে, কিন্তু মনত ৰাখিব শোৱাৰ সময়ত মোজা খুলিহে শুব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here