সাৱধান ! য’তে-ত’তে জাবৰ নেপেলাব জৰিমনা ভৰিব দহ হাজাৰ টকা

0
1303

মহানগৰৰ বিভিন্ন ঠাইৰ কদৰ্যময় পৰিৱেশ আৰু  বিশৃংখলভাৱে আৱৰ্জনা পেলোৱাৰ প্ৰতি পুনৰ অধিক কঠোৰ হোৱাৰ কথা ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে৷ গুৱাহাটী পৌৰ নিগমে  এতিয়া অনিৰ্ধাৰিত স্থানত আৱৰ্জনা পেলোৱা লোকসকললৈ ১০ হাজাৰ পৰ্যন্ত জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই  কয় যে নিগমে আৱাসীসকলক চহৰখন লেতেৰা নকৰিবলৈ অনুৰোধ কৰি আহিছে৷ 
যিসকলে এই আহ্বান ৰক্ষা নকৰিব তেওঁলোকক ১০ হাজাৰ টকালৈকে জৰিমনা বিহা হ’ব৷ অভ্যাসগত অপৰাধীসকলক শাস্তি দিয়াৰ আগতে তেওঁলোকৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰা হ’ব৷ যদি অভিযুক্তই  জৰিমনা পৰিশোধ নকৰে তেতিয়া আৰক্ষী থানাত অভিযোগ পঞ্জীয়ন কৰা হ’ব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ 
ইয়াৰ পূৰ্বেও পৌৰ নিগমে ঘোষণা কৰা  আৱৰ্জনা পেলোৱাৰ বাবে জৰিমনা আছিল ৫০০ৰ পৰা ১০০০ টকা৷ উল্লেখ্য যে পূতিগন্ধময় হৈ পৰা গুৱাহাটী মহানগৰক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তুলি নলা-নৰ্দমাসমূহ আৱৰ্জনামুক্ত কৰিবলৈ গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত পদক্ষেপ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি আহিছে৷ 
গুৱাহাটী পৌৰ নিগমে পথৰ দাঁতিৰ পৰা বিনসমূহ আঁতৰ কৰি বিনমুক্ত মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছিল৷ ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত ৰাজহুৱা স্থানত পেলনীয়া আৱৰ্জনা পেলোৱা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ হুংকাৰ দিছিল গুৱাহাটী পৌৰ নিগমে যদিও কাৰ্যতঃ অসাৰ হয়৷ বিশেষকৈ, গুৱাহাটী পৌৰ নিগমৰ বিষয়াই জাবৰ পেলোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰি দায়িত্ব সামৰাৰ বাবেই একাংশ লোকে অধিক সুবিধা গ্ৰহণ কৰি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here