সাৱধান ! বজাৰত বিক্ৰী হৈছে ভেজাল মিঠাতেল

0
214

মহানগৰৰ বজাৰত উপলব্ধ ফল-মূল, শাক-পাচলি, গাখীৰ, পানী, মাছ আদি খাদ্য সামগ্ৰীৰ ভেজালকৰণৰ তথ্য বিভিন্ন সময়ত পোহৰলৈ আহিছে৷ বজাৰত এতিয়া সতেজ খাদ্য সামগ্ৰীৰ অভাৱ৷ মহানগৰৰ বজাৰত সতেজ খাদ্য যেন এতিয়া একপ্ৰকাৰ সপোনৰ দৰে হৈ পৰিছে৷ বজাৰত উভৈনদী হৈ পৰা প্ৰতিবিধ খাদ্য সামগ্ৰীকে এতিয়া ব্যৱসায়ীয়ে ভেজাল কৰি গ্ৰাহকক বিক্ৰী কৰিছে৷ বিভিন্ন সামগ্ৰীৰ ভেজালকৰণৰ পাছত এইবাৰ পোহৰলৈ আহিছে মিঠাতেলৰ ভেজালকৰণৰ তথ্য৷ একাংশ অসাধু ব্যৱসায়ী চক্ৰ আৰু মিঠাতেল প্ৰস্তুতকৰ্তা কোম্পানীয়ে বজাৰত এৰি দিছে ভেজাল মিঠাতেল৷ পূৰ্বতে খোৱাতেলৰ সৈতে ছিন্থেটিক সামগ্ৰী বা জন্তুৰ চৰ্বি বা কম মূল্যৰ তেল মিহলোৱা হৈছিল৷ এনে তেলৰ ভেজাল ধৰা পেলোৱাটোও সহজ নহয়৷ কিন্তু এতিয়া বজাৰত বিক্ৰী হৈ থকা মিঠাতেলত মিহলোৱা হৈছে নিষিদ্ধ শস্যৰে উৎপাদিত তেল৷ বজাৰত পোৱা প্ৰায় ২০টাৰো অধিক বেণ্ডৰ মিঠাতেলেই ভেজাল৷ 
আৰগিমণি-মেক্সিক’না শস্যৰে উৎপাদিত তেল মিঠাতেলৰ সৈতে মিহলাই বিক্ৰী কৰা হৈছে৷ কিন্তু আৰগিমণি-মেক্সিক’না শস্যৰে উৎপাদিত তেল মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ খাদ্যৰ ভেজালকৰণৰ বাবেই কৰ্কট ৰোগ, যকৃতৰ ৰোগ, এনিমিয়া বা ৰক্তহীনতা, পেৰেলাইছিছ, মগজুৰ ক্ষতি বা গৰ্ভপাত আদিৰ দৰে গুৰুতৰ ৰোগ আৰু সমস্যাৰ সৃষ্টি হয়৷ খাদ্যৰ ভেজালকৰণৰ বাবেই আনকি এলাৰ্জিৰ পৰা আৰম্ভ কৰি সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা বা মৃত্যু পৰ্যন্ত হোৱাৰ সম্ভাৱনাও বহু বৃদ্ধি পায়৷ কিন্তু সকলো জানিও মহানগৰ জিলা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগে ৰহস্যজনক মৌনতা অৱলম্বন কৰি আহিছে৷  চৰকাৰী বিভাগৰ বিষয়াৰ লগত মিঠাতেল প্ৰস্তুতকৰ্তা কোম্পানীৰ গোপন বুজাবুজিৰ বাবেই এনেদৰে মহানগৰত ভেজাল মিঠাতেলৰ ব্যৱসায় চলাবলৈ ব্যৱসায়ীয়ে সাহস পাইছে৷ উল্লেখ্য যে খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইন, ১৯৫৪ দেশত খাদ্য ভেজালকৰণ প্ৰতিৰোধ কৰিবৰ বাবে মূল বিধি হিচাপে ব্যৱহাৰ কৰি অহা হৈছে৷ কিন্তু এই আইনে এই অনিয়ম সম্পূৰ্ণ ৰোধ কৰিব পৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here