সাৱধান ! নিজ ইচ্ছাৰে ভূগৰ্ভৰ পানী আহৰণ কৰিব নোৱাৰিব

0
1137

ভূগৰ্ভৰ পানী আহৰণৰ বাবেও এতিয়া ৰাইজে চৰকাৰক দিব লাগিব ধন৷ কেন্দ্ৰীয় চৰকাৰে ভূগৰ্ভৰ পানী আহৰণৰ ক্ষেত্ৰত শেহতীয়াকৈ এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি এতিয়াৰে পৰাই খোৱা বা আন কামত ভূগভ:্ৰ পানী আহৰণ কৰা এপাৰ্টমেণ্ট, হাউছিং কলনি, নগৰ অঞ্চলত থকা চৰকাৰী পানী যোগান কেন্দ্ৰ, কাৰখানা, পানী যোগানকাৰী কোম্পানী, ছুইমিং পুল আদিয়ে চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব৷ 
কোনেও অনুমতি নোলোৱাকৈ  জধে-মধে ভূগৰ্ভৰ পানী আহৰণ কৰিব নোৱাৰিব৷ পানী অহৰণৰ বাবে চৰকাৰৰ পৰা আপত্তিবিহীন প্ৰমাণ-পত্ৰ নল’লে সেয়া বে-আইনী হিচাপ গণ্য  কৰা হ’ব৷ আনহাতে, এই ক্ষেত্ৰত পঞ্জীয়নৰ বাবে জমা দিব লাগিব দহ হাজাৰ টকাকৈ৷ সম্প্ৰতি ভূগৰ্ভৰ পানী আহৰণ কৰি থকাসকলেও এই ধন জমা দিব লাগিব৷ 
চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ অথৰিটিয়ে প্ৰকাশ কৰা অনুসৰি ভূগৰ্ভত থকা পানীৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ অৱশ্যে, সাধাৰণ লোকসকলে নিজা ঘৰৰ বাবে ভূগৰ্ভৰ পানী আহৰণ কৰাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷ এটা সূত্ৰই প্ৰকাশ কৰা মতে, পঞ্জীয়নৰ পাছত  অনাগত সময়ত চৰকাৰে ভূগৰ্ভৰ পৰা আহৰণ কৰা প্ৰতি এক হাজাৰ লিটাৰ পানীৰ বিপৰীতে এক নিৰ্দিষ্ট পৰিমাণৰ কৰ লোৱাৰো ব্যৱস্থা কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here