সাৱধান ! এই ব্লাড গ্ৰুপৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি ?

0
968

তেজৰ গ্ৰুপৰ সৈতে হাৰ্টৰ স্বাস্থ্যৰ এক ওতপ্ৰোত সম্বন্ধ আছে৷ প্ৰত্যেকজন মানুহৰ তেজৰ গ্ৰুপ বেলেগ বেলেগ৷ গৱেষণাৰ পৰা জনা মতে ABO ব্লাড ছিষ্টেমৰ সহায়ত জানিব পাৰি কোন ব্লাড গ্ৰুপৰ মানুহৰ হৃদৰোগৰ প্ৰৱণতা বেছি৷
বিশ্বজুৰি বৰ্তমান সময়ত হৃদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে৷ প্ৰতিবছৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িছে৷ হৃদৰোগত বিভিন্ন কাৰণৰ ভিতৰত অসমতুল জীৱন-যাপন, মানসিক চাপ, উদ্বেগ-উদ্বিগ্নতা আদি প্ৰধান৷ প্ৰায়ভাগৰ ক্ষেত্ৰত হৃদৰোগত আক্ৰান্ত হৈ থকাৰ আগতীয়াভাৱে কোনো তথ্য বা লক্ষণ নোহোৱাৰ বাবে ভয়াৱহ ৰূপ লয়৷ আপুনি জানি হয়তো অবাক হ’ব যে মানুহৰ তেজৰ গ্ৰুপ আৰু হাৰ্টৰ স্বাস্থ্যৰ সৈতে এটা নিবিড় সম্পৰ্ক আছে৷  ABO ব্লাড ছিষ্টেমৰ সহায়ত জানিব পাৰি কোন ব্লাড গ্ৰুপৰ মানুহৰ হৃদৰোগৰ প্ৰৱণতা বেছি৷
 ABO ব্লাড ছিষ্টেমৰ অধীনৰ তেজ বিভিন্ন অংশত বিভক্ত৷ এই ছিষ্টেমত তেজৰ A আৰু B এণ্টিজেনৰ উপস্থিতি বা অনুপস্থিতিৰ ভিত্তিত তেজক বিভিন্ন অংশত ভাগ কৰা হয়৷ সাধাৰণতে মানুহৰ A, B, AB বা o তেজৰ গ্ৰুপ থাকে৷ সমীক্ষাৰ পৰা দেখা গৈছে যে A ব্লাড গ্ৰুপৰ লোকসকলৰ হাইপাৰলিপিডেমিয়া এফোৰোস্কে্‌লৰোছিছ বা হাৰ্ট ফেইল হোৱাৰ সম্ভাৱনা o গ্ৰুপৰ লোকৰ তুলনাত বেছি৷ আনহাতে যিসকল লোকৰ তেজৰ গ্ৰুপ B, তেওঁলোকৰ o গ্ৰুপৰ লোকসকলৰ তুলনাত হাৰ্ট এটেকৰ সম্ভাৱনা বেছি৷ এনে পৰিস্থিতিত A ব্লাড গ্ৰুপৰ লোকসকলৰ হাৰ্ট ফেইল অথবা উচ্চ ৰক্তচাপৰ সম্ভাৱনা B ব্লাড গ্ৰুপৰ লোকৰ তুলনাত হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বেছি হোৱা দেখা যায়৷ গৱেষণাত পৰা জনা মতে এনে অৱস্থাৰ সৃষ্টি হয় উইলব্যাল্ড ফেক্টৰৰ পাৰ্থক্যৰ কাৰণে৷ নন o ব্লাড গ্ৰুপৰ লোকসকলৰ নন উইলব্যাল্ড ফেক্টৰৰ বেছি ঘনত্বৰ কাৰণে তেজ জমা হোৱাৰ সম্ভাৱনা বেছি, যিটো o ব্লাড গ্ৰুপৰ লোকৰ ক্ষেত্ৰত এনে নহয়৷ আনহাতে o ব্লাড গ্ৰুপৰ লোকসকলৰ গেষ্ট˜ইনটেষ্টাইনাল ৰক্তপাত আৰু উচ্চ ৰক্তচাপৰ সম্ভাৱনা কম হয়৷ সেয়েহে o গ্ৰুপৰ লোকসকলৰ তুলনাত অন্য গ্ৰুপ লোকৰ হাৰ্ট সংক্ৰন্তীয় ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here