সাৱধান! এইবোৰেই অনিদ্ৰাৰ কাৰণ হ’ব পাৰে

0
624

বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যাৰ কাৰণসমূহ অন্যতম কাৰণ হ’ল ৰাতি ঠিকমতে টোপনি নহা৷ ৰাতি ভালদৰে টোপনি নাহিলে সেইটো খুব দ্ৰুতভাৱে আমাৰ জীৱন-যাপনৰ ওপৰত কু-প্ৰভাৱ পেলায়৷ আমাৰ কিছুমান কু-অভ্যাসৰ ফলতে ৰাতিৰ টোপনিত ব্যাঘাত জন্মিব পাৰে৷ জানো আহক আমাৰ কি কি বেয়া অভ্যাসৰ বাবে টোপনিত নহাৰ কাৰণ হ’ব পাৰে৷

আমাৰ বহুতৰে ৰাতি চাহ বা কফি খোৱাৰ এটা বদঅভ্যাস আছে৷ চাহত থকা কেফেইেন আমাৰ মস্তিষ্কক উদ্দীপ্ত তথা সক্ৰিয় কৰি তোলে৷ ফলত সহজে টোপনি নাহে৷ সেয়েহে সুখনিদ্ৰাৰ কাৰণে ৰাতি শোৱাৰ সময়ত চাহ বা কফি একেবাৰে পৰিহাৰ কৰক৷
আজিকালি আমাৰ প্ৰায়ভাগৰে ৰাতি শোৱাৰ সময়ত ম’বাইল ফোন চোৱা বা ব্যৱহাৰ কৰাৰ এটা অভ্যাস গঢ় লৈছে৷ বিছনালৈ যোৱাৰ সময়ত ম’বাইল ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক৷ ৰাতি টোপনি নহাৰ ইয়ো এটা অন্যতম কাৰণ৷ পৰাপক্ষত ৰাতি শোৱাৰ সময়ত আপোনাৰ ম’বাইল ফোনটো লগত নাৰাখি টেবুল বা দূৰত ৰখাৰ অভ্যাস কৰক৷
ৰাতি খাদ্য তালিকাত অতিৰিক্ত প্ৰ’টিন থকা খাদ্য বৰ্জন কৰক৷ কিয়নো অতিৰিক্ত প্ৰ’টিনযুক্ত খাদ্য খালে পৰিপাক ক্ৰিয়াত বাধাপ্ৰাপ্ত হৈ আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে৷
আনহাতে ৰাতি অত্যধিক মাত্ৰাত খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ ইয়াৰ উপৰি আপুনি ৰাতি শোৱাৰ প্ৰায় দুঘণ্টা আগতে খাদ্য গ্ৰহণ কৰাটো জৰুৰী৷ সেয়েহে ৰাতি লগাতকৈ কম খাদ্য গ্ৰহণ কৰিলে হজম প্ৰক্ৰিয়া উন্নত হৈ আপোনাৰ সুন্দৰভাৱে টোপনি অহাত সহায় কৰে৷
ৰাতি অস্বাস্থ্যকৰ স্নেক্‌ছ খালে আপোনাৰ অস্থিৰ কৰি তুলি টোপনি বিঘ্নিত কৰিব পাৰে৷ ইয়াৰ বাহিৰেও অত্যধিক মানসিক চিন্তায়ো টোপনিত বাধাৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে ৰাতি বিছনালৈ যোৱাৰ সময়ত সকলো মানসিক চিন্তা, উদ্বিগ্নতা একাষৰীয়া কৰি মগজু শান্ত কৰি টোপনি যোৱাৰ চেষ্টা কৰিলে ভাল টোপনি আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here