সাফল্য : গুৱাহাটীত বৃহৎ পৰিমাণৰ ভাং জব্দ

0
274

১২ জুনৰ পুৱাই গুৱাহাটীৰ ফটাশিল আমবাৰী থানাৰ এটা আৰক্ষীৰ দলে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে৷ লগতে এই সৰবৰাহৰ লগত জড়িত এজন ব্যক্তিকো আৰক্ষীয়ে আটক কৰিছে৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, এ এছ ০১ ই ডি ৯১৭০ নম্বৰৰ এখন আই-২০ বাহনত ওদালগুৰিৰ মাজবাটৰ পৰা তিনিটা বস্তাত প্ৰায় ৪০ কিল’গ্ৰাম ভাং গুৱাহাটীলৈ আনোতে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ফটাশিলত বাহনখন জব্দ কৰে৷ গাড়ীসহ ভাংখিনি জব্দ কৰাৰ লগতে চালক প্ৰদীপ ডেকাক আটক কৰিছে৷ ইফালে এই ভাংখিনি গুৱাহাটীলৈ অনা গৰাকীজন আৰক্ষী অভিযানৰ উমান পাই পলায়ন কৰা বুলি সদৰী কৰিছে৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত চলাই আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here