সমীক্ষা : প্ৰতি ১১ মিনিটত এগৰাকী মহিলাৰ ঘনিষ্ঠৰ হাতত মৃত্যু হয়

0
191


ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে কয় যে প্ৰতি ১১ মিনিটত এগৰাকী মহিলা বা ছোৱালীৰ এজন ঘনিষ্ঠ সংগী বা পৰিয়ালৰ সদস্যৰ হাতত মৃত্যু হয়৷ মহিলাৰ বিৰুদ্ধে এই হিংসা বিশ্বত আটাইতকৈ ব্যাপ্ত ‘মানৱ অধিকাৰ উলংঘন’ বুলি কৈ তেওঁ এই উপদ্ৰৱ আঁতৰাবলৈ ৰাষ্ট্ৰীয় কৰ্ম পৰিকল্পনা বলৱৎ কৰিবলৈ চৰকাৰবোৰক আহ্বান জনায়৷ উল্লেখ্য যে ২৫ নৱেম্বৰত পালন কৰা ‘নাৰীৰ বিৰুদ্ধে হিংসাৰ লোপকৰণ’ আন্তঃৰাষ্ট্ৰীয় দিৱসৰ আগত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে এইদৰে কয়৷ শেহতীয়াকৈ দেশক কঁপাই যোৱা শ্ৰদ্ধা ৱালকাৰৰ হত্যাৰ পৰিপ্ৰেক্ষিতত গুটেৰেছৰ মন্তব্য অতি চিন্তনীয়৷ তেওঁ আৰু কয় যে মহিলা আৰু ছোৱালীবোৰে ঘৃণা বিয়পোৱা বাৰ্তাৰ পৰা যৌন হাৰাশাস্তি, ফটোৰে নিৰ্যাতন আদি অনলাইন হিংসাৰ মুখামুখি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here