সমীক্ষাই কি কয় : ঋতুস্ৰাৱৰ সময়ত ব্যৱহৃত ছেনিটাৰী নেপকিন সুৰক্ষিতনে?

0
141

মহিসাসকলে ঋতুকালীন সময়ত চেনিটাৰী নেপকিন ব্যৱহাৰ কৰে৷ সাধাৰণতে ঋতুস্ৰাৱৰ সময়ছোৱাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ হেতু চেনিটাৰী পেড বা নেপকিন ব্যৱহাৰ কৰে৷ চিকিৎসকসকলেও কাপোৰৰ সলনি চেনিটাৰী নেপকিন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ মহিলাসকলে ঋতুকালীন সময়ত ব্যৱহাৰ কৰা চেনিটাৰী নেপকিন স্বাস্থ্যসন্মত হয়নে নহয় এই লৈ গৱেষণা কৰা হৈছিল৷ চেনিটাৰী নেপকিন ব্যৱহাৰ সন্দৰ্ভত শেহতীয়াকৈ কৰা গৱেষণাত এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ ভাৰতত বিক্ৰী হোৱা প্ৰায়বোৰ চেনিটাৰী পেডত কেঞ্চাৰ ৰোগৰ বিভিন্ন যৌগৰ উপস্থিতি পোৱা গৈছে৷ যি সময়ত ভাৰতৰ প্ৰতি চাৰিগৰাকী মহিলাৰ তিনিগৰাকীয়েই চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে, তেনে সময়ত গৱেষণাৰ ফলে চিন্তাৰ উদ্ৰেক কৰিছে৷ গৱেষণাৰ পোৱা মতে কেঞ্চাৰ ৰোগ সৃষ্টিকাৰী বহুতো উপাদান চেনিটাৰী নেপকিনত পোৱা গৈছে৷ ঋতুস্ৰাৱৰ সময়ত শৰীৰৰ পৰা তেজ নিৰ্গত হয় আৰু এই তেজ পেডৰ সংস্পৰ্শত আহিলে তেজখিনি শুহি লয়৷ ইয়াৰ লগতে পেডত থকা ৰাসায়নিক পদাৰ্থও তেজে শুহি লোৱাৰ ফলত দেহৰ ভিতৰত প্ৰৱেশ কৰি ক্ষতি কৰাৰ সম্ভাৱনা থাকে৷ স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা কৰা এই সমীক্ষাত জনা গৈছে যে পোন্ধৰৰ পৰা চৌব্বিছ বয়সৰ তৰুণীসকলৰ প্ৰায় শতাংশই প্ৰতি মাহে অন্তত পাঁচদিন চেনিটাৰী নেপকিন ব্যৱহাৰ কৰে৷ গতিকে সমীক্ষা যদি সঁচা প্ৰমাণিত হয়, তেন্তে ভাৰতীয় মহিলাসকলৰ বাবে এয়া এক ভাবিবলগীয়া কথা হৈ পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here